অসমধৰ্মীয়

ভক্তৰ আগমনেৰে মুখৰিত হ’ব নীলাচল, অম্বুবাচী মেলাৰ পূৰ্বে ভক্তৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা…

সুদীৰ্ঘ ২ বছৰৰ অন্তত নীলাচলৰ বুকুত অনুষ্ঠিত হ'ব অম্বুবাচী মেলা। ২২ জুনত প্ৰবৃত্তি ঘটাৰ লগে লগে বন্ধ হ'ব শক্তিপীঠ মা কামাখ্যা দেৱালয়ৰ দুৱাৰ

উখল-মাখল নীলাচলৰ বুকু। ২২ জুনৰ পৰা নীলাচলত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ বাবে সাজু হৈছে শক্তিপীঠ কামাখ্যা। অম্বুবাচী মেলাৰ পূৰ্বে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা কামাখ্যা দেৱালয়ৰ।

 

সুদীৰ্ঘ ২ বছৰৰ অন্তত নীলাচলৰ বুকুত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। ২২ জুনত প্ৰবৃত্তি ঘটাৰ লগে লগে বন্ধ হ’ব শক্তিপীঠ মা কামাখ্যা দেৱালয়ৰ দুৱাৰ। অম্বুবাচী মেলাৰ নিৰ্দেশনাসমূহ হৈছে-

১)অম্বুবাচী মেলাৰ সময়ত নীলাচলত নাথাকিব বহিঃৰাজ্যৰ পৰা অহা ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা।

২)নীলাচলত স্থানীয় আৰু বহিঃৰাজ্যৰ পৰা অহা অস্থায়ী ব্যৱসায়ীয়ে বিপনি স্থাপন কৰিব নোৱাৰিব।

৩)অম্বুবাচী মেলাৰ সময়ত পূৰ্বে দেখা মেলা সদৃশ পৰিৱেশ এইবাৰো দেখিবলৈ নাপাব দৰ্শনাৰ্থী ভক্তসকলে।

 

উল্লেখ্য যে, বিগত দুবছৰত মহামাৰী কৰোনাৰ সংক্ৰমণ আৰু লকডাউনৰ বাবে অম্বুবাচী মেলালৈ আহিব পৰা নাছিল ভক্তসকল। কিন্তু এইবাৰ অম্বুবাচী মেলাত লাখ লাখ ভক্তৰ আগমন ঘটাৰ অনুমান কৰা হৈছে। যাৰবাবে অম্বুবাচী মেলাৰ পূৰ্বে ৰে’ল মন্ত্ৰালয়লৈ লিখিত অনুৰোধ কৰিলে কামাখ্যা দেৱালয় কৰ্তৃপক্ষই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.