আন্তঃৰাষ্ট্ৰীয়জীৱনশৈলী

মৃত্যু হ’ল পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহজনৰ। পিছে কেনেকৈ!

৬০ বছৰতকৈও অধিক সময় স্নান নকৰাকৈ থকা লেতেৰা মানুহজনে প্ৰথম স্নানকৰাৰ পিছতে সাবটিলে মৃত্যুক

মৃত্যু হ’ল পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহজনৰ। ৬০ বছৰতকৈও অধিক সময় স্নান নকৰাকৈ থকা লেতেৰা মানুহজনে প্ৰথম স্নানকৰাৰ পিছতে সাবটিলে মৃত্যুক। অমৌ হাজী নামৰ লেতেৰা মানুহজনে ৯৪ বছৰ বয়সত মৃত্যু বৰণ কৰে। অমৌ হাজী এজন ইৰানী একাকী, যি অৰ্ধ শতিকাৰো অধিক সময় ধৰি গা ধোৱা নাছিল যাৰ বাবে পৃথিৱীৰ আটাইতকৈ লেতেৰা মানুহ হিচাপে পৰিচিত হয় তেখেত। অমৌ হাজীয়ে পানীলৈ ভয় কৰিছিল আৰু ৬০ বছৰৰো অধিক সময় ধৰি গা ধোৱা নাছিল। দ্য গাৰ্ডিয়ানে প্ৰকাশ কৰা বাতৰি অনুসৰি তেওঁ ২৩ অক্টোবৰত ইৰাণৰ দক্ষিণ প্ৰদেশ ফাৰ্ছৰ দেজগাহ গাঁৱত শেষ নিশ্বাস ত্যাগ কৰে।

 

 

উল্লেখ্য যে, হাজীয়ে এটা খোলা ইটাৰ কুটিত বাস কৰিছিল লগতে হাজী অবিবাহিতও আছিল আৰু তেওঁ কিছুমান যৌৱনত আৱেগিক বিফলতাৰ সন্মুখীন হৈছিল যাৰ ফলত তেওঁ পানী বা চাবোনেৰে গা ধুব লৈ এৰিছিল। অৱশ্যে, কেইমাহমান আগতে তেওঁক গাওঁবাসীয়ে প্ৰথমবাৰৰ বাবে গা ধুবলৈ বাধ্য কৰিছিল। ইতিমধ্যে হাজীৰ কেইবাখনো ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। তেহৰাণ টাইমছত প্ৰকাশিত এক প্ৰতিবেদনত এইটোও দাবী কৰা হৈছে যে হাজীয়ে ৰোডকিল খায়, জন্তুৰ মল-মূত্ৰৰে ভৰ্তি পাইপত ধূমপান কৰে। লগতে তেঁও বিশ্বাস কৰিছিল যে পৰিষ্কাৰ পৰিচ্ছন্নতাই তেওঁক অসুস্থ কৰি তুলিব। ছচিয়েল মিডিয়াত কিছুমান ছবিত তেওঁ একেলগে একাধিক চিগাৰেট সেৱন কৰাও দেখা গৈছে।

 

 

হাজীৰ এই অনন্য অভিলেখৰ বাবে তেওঁৰ জীৱনৰ বৰ্ণনা কৰি ২০১৩ চনত ‘দ্য ষ্ট্ৰেঞ্জ লাইফ অফ আমৌ হাজী’ শীৰ্ষক এখন চুটি তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button