ভাৰতৰাষ্ট্ৰীয় সুৰক্ষা

ভাৰতৰ জীয়ৰীয়ে কৰিব দেশ ৰক্ষা, দেশৰ জীয়ৰীৰ বাবে মুকলি সৈনিক স্কুল…

লালকিল্লাত আয়োজন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়ে গুৰুত্বপূৰ্ণ ভাষণ

দেশ স্বাধীন হোৱা ৭৫ বছৰ বাগৰিল। ইংৰাজৰ শাসনৰ পৰা ভাৰতক মুক্ত কৰি শ্বহীদ হ’ল বহু ভাৰতীয় দেশ যুঁজাৰু। দেশৰ স্বাধীনতাৰ ক্ষণক সুঁৱৰি সমগ্ৰ ভাৰতবাসীয়ে দেওবাৰে উদযাপন কৰিছে স্বাধীনতা দিৱস।

লালকিল্লাত আয়োজন কৰা ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়ে গুৰুত্বপূৰ্ণ ভাষণ। ভাষণত বহুকেইটা বিষয় সন্দৰ্ভত মত প্ৰকাশ কৰাৰ লগতে বহুকেইখন চৰকাৰী আঁচনিৰ ওপৰত মতামত আগবঢ়ায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

দেওবাৰে, প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশত ছোৱালীৰ বাবে সৈনিক স্কুল মুকলি কৰাৰ কথা ঘোষণা কৰে। বৰ্তমান সময়ত ভাৰতত ৩৩ খন সৈনিক স্কুল আছে। স্বাধীনতা দিৱসৰ ভাষণত মোদীয়ে কয় যে, ‘দেশৰ জীয়ৰীসকলৰ বাবে মুকলি কৰা হ’ব সৈনিক স্কুল’।

উল্লেখযোগ্য যে, সৈনিক স্কুলসমূহ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনত থকা সৈনিক স্কুল ছ’চাইটীয়ে চোৱা-চিতা কৰে। সৰুৰে পৰাই শিক্ষাৰ্থীসকলক ভাৰতীয় সেনাত যোগ দিয়াৰ বাবে প্ৰস্তুত কৰি তোলাই হৈছে সৈনিক স্কুল স্থাপন কৰাৰ মূল লক্ষ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.