অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

স্বাধীনতাৰ অমৃত মহোৎসৱ চলি থকাৰ মাজতে আজি দেখুৱাম ৰাজ্যৰ উন্নয়নৰ ফোপোলা স্বৰূপ

স্বাধীনতাৰ অমৃত মহোৎসৱ চলি থকাৰ মাজতে আজি দেখুৱাম ৰাজ্যৰ উন্নয়নৰ ফোপোলা স্বৰূপ।

বিধ্বস্ত পথৰ বাবেই ই-ৰিক্সাতে সন্তান প্ৰসৱ প্ৰসূতিৰ।

এই ঘটনা বৰপেটাৰ আলোপতিৰ খাটিয়ামাৰীত।

বিধ্বস্ত পথৰ বাবে জৰুৰীকালীন এম্বুলেঞ্চ সেৱা উপলব্ধ নোহোৱাত ই-ৰিক্সাতেই চিকিৎসালয়লৈ নিবলগীয়া হয় প্ৰসূতি মাতৃক।

আলোপতি চৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নিয়াৰ পথতে ই-ৰিক্সাতে সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে।

স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত GMCHলৈ প্ৰেৰণৰ নিৰ্দেশ চিকিৎসকৰ।

প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত থকা একমাত্ৰ এম্বুলেঞ্চখন বিকল হৈ থকাত পুনৰ ই-ৰিক্সাৰেই নগৰবেৰালৈ নিবলগীয়া হয় নৱজাতকসহ মাতৃগৰাকীক।

শীঘ্ৰেই আলোপতি চৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অতিৰিক্ত এম্বুলেঞ্চ প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ বাট-পথসমূহ উন্নত কৰাৰো দাবী কৰিছে স্থানীয় ৰাইজে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 4 =

Back to top button