অসমদৈনিক বাতৰি

ক’ত আত্মগোপন কৰিছে নিলম্বিত OC বিমান ৰয়ে? ৭২ ঘণ্টাৰ পাছতো সন্ধানহীন বিমান ৰয়

ক’ত আত্মগোপন কৰিছে নিলম্বিত OC বিমান ৰয়ে? ৭২ ঘণ্টাৰ পাছতো সন্ধানহীন বিমান ৰয়

ক’ত আত্মগোপন কৰিছে নিলম্বিত OC বিমান ৰয়ে? ৭২ ঘণ্টাৰ পাছতো সন্ধানহীন হৈ আছে বিমান ৰয়। পলাতক বিমান ৰয়ক বিচাৰি হাবাথুৰি সতীৰ্থৰ। শনিবাৰে গোৱালপাৰা, গুৱাহাটীৰ বাসগৃহত অভিযান আৰক্ষীৰ। আৰক্ষীৰ জেৰাৰ সন্মুখীন ASI লীজা টায়ে। চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে লম্পট বিমান ৰয়ক। পলাতক বিমান চন্দ্ৰ ৰয় সন্দৰ্ভত মন্তব্য মুখ্যমন্ত্ৰীৰ।

পোহৰলৈ আহিছে বিমান ৰয়ৰ ম’বাইল ৰেকৰ্ডৰ তথ্য। বিমান ৰয়ে ম’বাইলেৰে যোগাযোগ কৰিছে বহুজনৰে। তাৰ পিছতো বিমান ৰয়ক বিচাৰি উলিওৱাত ব্যৰ্থ আৰক্ষী

থানাৰ ভিতৰতে কিশোৰীক উলংগ কৰি ফটো তোলা অসম আৰক্ষীৰ নিলম্বিত পৰিদৰ্শক বিমান ৰয়ৰ এতিয়াও কোনো সন্ধান নাই। সামাজিক মাধ্যমৰ সহায় লৈও বিমান ৰয়ক গ্ৰেপ্তাৰ কৰাত সফল হ’ব পৰা নাই আৰক্ষী। ম’বাইলৰ সংযোগ বিচ্ছিন্ন কৰাৰ পূৰ্বে কেইবাজনো লোকৰ সৈতে লম্পট বিমানে কথা পতাৰ তথ্য পোহৰলৈ আহিছে।

ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ঘগ্ৰাপাৰ থানাত OC আৰু এজন SIৰ পৈশাচিক নিৰ্যাতনৰ বলি হোৱা কিশোৰীগৰাকীৰ এজাহাৰ আহি পৰিছে ‘প্ৰথম খবৰ’ৰ হাতত। এজাহাৰখনত উল্লেখ কৰা হৈছে বহু বিস্ফোৰক তথ্য। সেই নিশা কিদৰে সংঘটিত হৈছিল ভয়ংকৰ ঘটনাটো। নিৰ্যাতিত কিশোৰীগৰাকীয়ে সকলো লিপিবদ্ধ কৰিছে এজাহাৰত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 + three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.