অপৰাধঅসমঅসম আৰক্ষী

পৰকীয়া প্ৰেমৰ বাবেই হত্যা ! মহানগৰীত ডিঙি ৰেপি কোনে হত্যা কৰিলে অৱসৰপ্ৰাপ্ত সেনা জোৱানক?

। সাতগাঁৱৰ আমবাৰীত বুধবাৰে দুপৰীয়া সুন্দৰ পথৰ নিবাসী ৰৌছান আলী ওৰফে ফেচানা পাগলাক এখন মাছ কটা দাৰে ডিঙি ৰেপি হত্যা কৰে হাবিবুৰ ৰহমান নামৰ এজন লোকে।

হত্যা-হিংসাৰে জৰ্জৰিত অসমত পুনৰ সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। দিন-দুপৰতে ৰাঙলী হ’ল সাতগাঁৱৰ ৰাজপথ। মাছ কটা দাৰে ঘপিয়াই অৱসৰ প্ৰাপ্ত সেনা জোৱানক হত্যা কৰিলে এজন লোকে।

 

এই লোমহৰ্ষক ঘটনা সংঘটিত হৈছে মহানগৰীৰ সাতগাঁৱত। সাতগাঁৱৰ আমবাৰীত বুধবাৰে দুপৰীয়া সুন্দৰ পথৰ নিবাসী ৰৌছান আলী ওৰফে ফেচানা পাগলাক এখন মাছ কটা দাৰে ডিঙি ৰেপি হত্যা কৰে হাবিবুৰ ৰহমান নামৰ এজন লোকে।

 

উল্লেখ্য যে, হাবিবুৰ ৰহমানৰ পত্নীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল অৱসৰপ্ৰাপ্ত সেনা জোৱান ৰৌছান আলীৰ। হাবিবুৰৰ পত্নীক বিয়া কৰোৱাৰ উদ্দেশ্যে নিজ গৃহত তিনিদিন ধৰি ৰাখি থৈছিল ৰৌছান আলীয়ে। এই ঘটনাৰ পৰাই কাজিয়াৰ সূত্ৰপাত হৈ অৱশেষত পৰিণত হয় কাজিয়ালৈ। খঙত অগ্নিশৰ্মা হৈ পৰা হাবিবুৰ ৰহমানে বুধবাৰে দিন-দুপৰতে আধা ৰাস্তাতে আগচি ধৰি ডিঙি কাটি হত্যা কৰে ৰৌছান আলীক।

 

ইতিমধ্যে, সাতগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হাবিবুৰ ৰহমানক। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মৃত ৰৌছান আলীৰ পত্নীক। বৰ্তমান সাতগাঁও আৰক্ষীৰ জিম্মাত আছে হত্যাকাৰী হাবিবুৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.