অসম

চিৰসেউজৰ চিৰবিদায়, উভতি নহাৰ বাটেৰে অজান মূলুকলৈ যাত্ৰা

তেখেতৰ মৃত্যুৱে অসমীয়া চিনেমা জগতলৈ নমাই আনিলে অজান শূন্যতা

অসমীয়া ছবি জগতৰ যশস্বী অভিনেতা নিপন গোস্বামী আৰু নাই। চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ মৃত্যুৱে জুকাৰি গ’ল ৰাজ্যবাসীক। সংস্কৃতিক জগতৰ লগতে ৰাজ্যত এতিয়া শোকৰ বন্যা। ৮০ বছৰ বয়সত জীৱন নাট সামৰিলে অভিনেতাগৰাকীয়ে। স্বাস্থ্যজনিত ৰোগত কিছুদিন পূৰ্বে গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেওঁক। ক্ৰমাৎ স্বাস্থ্যৰ অৱনতি হৈছিল আৰু আজি পুৱা ৯ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

Veteran Assamese Actor Nipon Goswami Passes Away At 75

 

 

অসমীয়া ছবি জগতৰ এগৰাকী বলিষ্ঠ অভিনেতা আছিল নিপন গোস্বামী। কেইবা দশক ধৰি অসমীয়া ছবি জগতৰ লগত জড়িত আছিল গোস্বামী। বহু জনপ্ৰিয় ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল তেওঁ‌। এশৰো অধিক টেলিফিল্ম, ভিচিডি ছবিত অভিনয় কৰাৰ উপৰিও নাট্য পৰিচালনাও কৰিছিল তেওঁ‌। ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়তো অভিনয়েৰে সুনাম কঢ়িয়াইছিল গোস্বামীয়ে।

Veteran Assamese Actor Nipon Goswami Passed Away At The Age Of 80

১৯৭৫ চনত ‘পিয়লি ফুকন’ছবিৰ জৰিয়তে অভিয়নৰ যাত্ৰা আৰম্ভ কৰিছিল তেওঁ‌।‘সংগ্ৰাম’ বোলছবিত নায়কৰ ৰূপত প্ৰথম অভিনয় কৰিছিল গোস্বামীয়ে। ‘ডঃ বেজবৰুৱা’গোস্বামীৰ প্ৰথম ছুপাৰহিট ছবি আছিল। ‘ঘৰ সংসাৰ’,‘আজলি নবৌ’,‘সন্ধ্যাৰাগ’,‘চিৰাজ’তো অভিনয় কৰি সকলোৰে হৃদয় জিনিছিল তেওঁ‌। ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চও কঁপাইছিল অভিনেতা গোস্বামীয়ে। তেখেতৰ বলিষ্ঠ অভিনয়ে মোহিত কৰিছিল ৰাজ্যবাসীক।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পৰা আদি কৰি সমগ্ৰ অসমবাসীয়ে তেখেতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। তেখেতৰ বলিষ্ঠ অভিনয়ে মোহিত কৰিছিল ৰাজ্যবাসীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 7 =

Back to top button