খাদ্যজীৱনশৈলীস্বাস্থ্য

কোনবোৰ খাদ্য সামগ্ৰীয়ে বৃদ্ধি কৰিব আপোনাৰ মগজুৰ বিকাশ! জানো আহক

মগজুৰ বিকাশৰ বাবে প্ৰয়োজন কেতবোৰ উপযুক্ত খাদ্য সামগ্ৰীৰ

মগজু হৈছে শৰীৰৰ এক জটিল তথা গুৰুত্বপূৰ্ণ অংগ, যি চিন্তা, স্মৃতিশক্তি, আৱেগ, স্পৰ্শ, দৃষ্টিশক্তি, উশাহ, উষ্ণতা, ভোক আৰু আমাৰ শৰীৰ নিয়ন্ত্ৰণ কৰা প্ৰতিটো প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰে। মগজু আৰু মেৰুদণ্ডই একেলগে প্ৰসাৰিত হৈ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ বা চিএনএছ গঠন কৰে। এই মগজুৰ বিকাশৰ বাবে প্ৰয়োজন কেতবোৰ উপযুক্ত খাদ্য সামগ্ৰীৰ। যিয়ে মগজুৰ ক্ষীপ্ৰ বিকাশ ধটাত সহায় কৰে। এটি সুস্থ মগজু মানে এটি সুস্থ মন আৰু শৰীৰৰ। মগজুৰ বিকাশৰ বাবে কি কি খাদ্য খাব লাগে জানো আহক।

 

 

 

১. সেউজীয়া শাক-পাচলি : এটি সুস্থ মগজুৰ বাবে অত্যন্তই প্ৰয়োজনীয় সেউজীয়া শাক-পাচলিৰ। বিশেষকৈ পালেং শাক, ব্ৰকলি, বন্ধাকবি এইসমূহ খাদ্য খোৱাতো ভাল। কিয়নো এই সমুহত ভিটামিন K, lutein, folate আৰু beta carotene।
২. বিলাহী :বিলাহী হৈছে পুষ্টিৰে ভৰ্তি এবিধ খাদ্য। বিলাহীত এণ্টিঅক্সিডেণ্ট লাইকোপেন থাকে। লাইকোপেনে মগজুক কোষৰ ক্ষতিৰ পৰা ৰক্ষা কৰে।
৩. বাদাম: বাদাম হৈছে প্ৰ’টিন আৰু স্বাস্থ্যকৰ চৰ্বিৰ উৎকৃষ্ট উৎস। বাদামে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে।
৪. বেৰী:বেৰিয়ে মগজুৰ কোষবোৰৰ মাজত উন্নত যোগাযোগ বৃদ্ধি কৰাত সহায় কৰে। বেৰিয়ে প্লাষ্টিচিটিও বৃদ্ধি কৰে। লগতে স্মৃতিশক্তিও বৃদ্ধি কৰে।
৫. হালধি: হালধিয়ে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে।
৬. ডাৰ্ক চকলেট: ডাৰ্ক চকলেটে নিউৰোপ্লাষ্টিচিটিত সহায় কৰিব পাৰে, যি মগজুৰ বাবে গুৰুত্বপূৰ্ণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.