অসমদৈনিক বাতৰি

মণিপুৰৰ নাৰকীয় ঘটনাক লৈ অব্যাহত প্ৰতিবাদ, তিনিচুকীয়াৰ জাগুনত প্ৰতিবাদ ৩ ছাত্ৰ সংগঠনৰ

মণিপুৰৰ নাৰকীয় ঘটনাক লৈ অব্যাহত প্ৰতিবাদ, তিনিচুকীয়াৰ জাগুনত প্ৰতিবাদ ৩ ছাত্ৰ সংগঠনৰ

মণিপুৰৰ নাৰকীয় ঘটনাক লৈ অব্যাহত প্ৰতিবাদ

তিনিচুকীয়াৰ জাগুনত প্ৰতিবাদ ৩ ছাত্ৰ সংগঠনৰ

মুখত ক’লা কাপোৰ বান্ধি প্ৰতিবাদী কাৰ্যসূচী

মমবাতি জ্বলাই গোষ্ঠী সংঘৰ্ষত মৃতকলৈ শ্ৰদ্ধাঞ্জলি

দোষীক কঠোৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদস্থলী

প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীক ক্ষুৰধাৰ সমালোচনা প্ৰতিবাদকাৰীৰ

দীৰ্ঘদিন ধৰি মণিপুৰত দুই জনগোষ্ঠী ক্ৰমে কুকি আৰু মেইতেই সকলৰ মাজত অব্যাহত থকা গোষ্ঠীগত সংঘৰ্ষই পৈশাচিক তথা অমানবীয় ৰূপ ধাৰণ কৰা আৰু মানৱ সমাজক লজ্জানত কৰা ধৰ্ষণ কাণ্ডৰ প্ৰতিবাদ স্বৰূপে তিনিচুকীয়াৰ জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাভা ছাত্ৰ সন্থা আৰু টাংচা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। সংগঠন কেইটাই ধৰ্ষণ কাণ্ডত জড়িত অভিযুক্তক কঠোৰতম শাস্তি বিহাৰ লগতে অতি শীঘ্ৰে অশান্তজৰ্জৰ মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায়। অন্যথা আগন্তুক সময়ত গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.