AssamSocialViral

সঁচা প্ৰেমৰ নামত মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

প্ৰথমে প্ৰেম আৰু তাৰ পিছত গৰ্ভৱতী কৰি পলাল প্ৰেমিক

এইবাৰ সঁচা প্ৰেমৰ নামত মহানগৰীৰ শান্তিপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। প্ৰথমে প্ৰেম আৰু তাৰ পিছত গৰ্ভৱতী কৰি পলাল প্ৰেমিক।শেষত উপায়বিহীন প্ৰেমিকৰ মাতৃয়ে কাষ চাপিল চিকিৎসকৰ ওচৰত। এই ঘটনাত মেধি উপাধিৰ এজন চিকিৎসকে গৰ্ভপাত কৰোৱাৰ অভিযোগো উত্থাপন হৈছে ।এই ঘটনা সংঘটিত হয় কালিচৰণ দাস নাৰ্ছিংহোমত । জানিব পৰা মতে বিপ্লৱ ঠাকুৰীয়া মাতৃয়ে কিশোৰীগৰাকীক গৰ্ভপাত কৰোৱাৰ অভিযোগ । ধনৰ বিনিময়ত এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ ।ঘটনা সন্দৰ্ভত ভৰলু থানাত এজাহাৰ কিশোৰীগৰাকীৰ পৰিয়ালৰ । কিন্তু ভৰলু আৰক্ষীয়ে ঘটনাৰ সঠিক তদন্ত নকৰাৰ অভিযোগ প্ৰেয়সী পৰিয়ালৰ ।কেৱল ইমানেই নহয় নাবালিকাগৰাকীৰ মাতৃৰ মতে প্ৰায় ৩বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত আছিল দুয়ো।ঘটনাৰ বহুত দিনৰ পিছত,২২ আগষ্টতহে বিপ্লৱৰ পিতৃ ৰতন ঠাকুৰীয়াক গ্ৰেপ্তাৰ কৰে ভৰলু আৰক্ষীয়ে । আনহাতে, ঘটনাৰ পাছতে বহিঃৰাজ্যলৈ পলায়ন কৰে মূল অভিযুক্ত বিপ্লৱ ঠাকুৰীয়া ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.