অসম

শিল্পী দিৱসত ‘শিল্পী পেঞ্চন’, ৰাজ্যৰ ৫০ গৰাকী শিল্পীক দিয়া হ’ব পেঞ্চন

আনহাতে, ১৮ গৰাকী শিল্পীৰ পত্নীক দিয়া হ'ব ৫০ হাজাৰকৈ এককালীন সাহায্য।

জনতা ভৱনত মন্ত্ৰী বিমল বড়াৰ সংবাদ মেল। দেওবাৰে সংবাদমেল সম্বোধন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা বিমল বড়াৰ। সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজ্যিক ভিত্তিত শিল্পী দিৱস উদযাপনৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।

শিল্পী দিৱসৰ দিনটোত ৫০ গৰাকী শিল্পীক দিয়া হ’ব শিল্পী পেঞ্চন। ১৫০ জনক দিয়া হ’ব বাৰ্ষিক শিল্পী বঁটা। শিল্পীসকলক প্ৰতিমাহে ৮০০০ টকাকৈ দিয়া হ’ব পেঞ্চন। আনহাতে, ১৮ গৰাকী শিল্পীৰ পত্নীক দিয়া হ’ব ৫০ হাজাৰকৈ এককালীন সাহায্য।

প্ৰথম পৰ্যায়ত বাছনি কমিটিয়ে ৪ দিনৰ ভিতৰত ৰাজ্যিক কমিটিক ২০০ জন শিল্পী নিৰ্বাচিত কৰি দিছিল যদিও ৰাজ্যিক কমিটিয়ে ৫০ জনক শিল্পী পেঞ্চন প্ৰদানৰ সিদ্ধান্ত লয়।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.