AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতশিল্পীসংগীত

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে প্ৰবীণ শব্দযন্ত্ৰী ভূপেন উজীৰে……

অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বিশিষ্ট সংগীত শিল্পী তথা অসমৰ প্ৰবীণ শব্দযন্ত্ৰী ভূপেন উজীৰে। মঙলবাৰে নিশা প্রায় ১০ বজাত বিশিষ্ট শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। যোৱা ১ জানুৱাৰীৰ পৰা গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল প্ৰবীণ শিল্পীগৰাকী। শেহতীয়াকৈ কেইবামাহৰে পৰা শ্বাস-প্ৰশ্বাসজনিত আৰু বৃক্কৰ ৰোগত ভুগি থকা শিল্পীগৰাকীক সময়ে-সময়ে চিকিৎসা আগবঢ়াই থকা হৈছিল যদিও ১ জানুৱাৰীত তেওঁৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটাত ততাতৈয়াকৈ নেমকেয়াৰ হাস্পতালত ভর্তি কৰোৱা হয়।

বিশেষজ্ঞ চিকিৎসকৰ দলে শিল্পীগৰাকীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সেইদিনাৰে পৰা তেওঁক ICU ত ভর্তি কৰি চিকিৎসা অব্যাহত ৰাখিছিল।

৪০ দশকৰ পৰা এগৰাকী সুদক্ষ সংগীত পৰিচালকৰূপেই নহয়, ৰাজ্যৰ এগৰাকী আগশাৰীৰ শব্দযন্ত্ৰী হিচাবেও পৰিচিত আছিল তেখেত। গায়িকা পত্নী শান্তা উজীৰৰ সৈতে ভূপেন উজীৰৰ এই যুটী অসমীয়া সংগীত জগতত এক আদর্শ যুটী বুলি জানিব পাৰি। বহুকেইখন অসমীয়া কথাছবিৰ সংগীত পৰিচালকো আছিল এইগৰাকী বিশিষ্ট শিল্পী।

ভূপেন উজীৰৰ মৃত্যুত অসমীয়া সংগীত জগত শোকস্তব্ধ হৈ পৰিছে। তেখেতৰ মৃত্যুত শোকপ্ৰকাশ দিগন্ত ভাৰতীৰ – “আমাৰ পৰিয়ালৰ মূৰব্বীজন হেৰাই যোৱাৰ অভাৱটো অকল পৰিয়ালৰ সদস্য কেইজনে বুজি পাই”

অসমত যিসময়ত চাউণ্ড ৰেকর্ডিং ষ্টুডিঅ’ৰ অভাৱ আছিল, সেই সময়তেই ভূপেন উজীৰে তেওঁৰ একক প্ৰচেষ্টাৰে গুৱাহাটীত গঢ়ি তুলিছিল ষ্টুডিঅ’ অ’ডিটেক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.