
সোমবাৰ আছিল বিশ্বকাপত অঘটনৰ নিশা। বিশ্ব ফুটবলৰ দুই মহাশক্তি স্পেইন আৰু বেলজিয়ামক স্তম্ভ কৰি দিলে ক্ৰমে ফুটবলৰ শিশু কেপ ভাৰ্ডি আৰু স্বল্পখ্যাত ইজিপ্তে। আনহাতে উৰুগুৱে আৰু ইৰাণেও জয়ৰে অভিযান আৰম্ভ কৰিব নোৱাৰিলে। গ্ৰুপ জি আৰু এইচৰ চাৰিখন মেচৰ পাছত প্ৰতিখন মেচৰ পৰিণতি ড্ৰ হোৱাত দুয়োটা গ্ৰুপৰ সমীকৰণ হৈ পৰিল অধিক ৰোমাঞ্চকৰ।

আটলান্টাত দেখা গ’ল এইবাৰৰ বিশ্বকাপৰ অন্যতম বৃহৎ চমক। বিশ্বৰ দ্বিতীয় স্থানৰ দল স্পেইনৰ বিৰুদ্ধে গ’লশূন্য ড্ৰ কৰি চমক দিলে বিশ্বৰ ৬৭ নম্বৰ ৰেংকিঙৰ দল বিশ্বকাপৰ নবাগত কেপ ভাৰ্ডিয়ে। ফুটবলৰ পাৱাৰ হাউছ অন্যতম স্পেইনৰ বিপক্ষে আৰম্ভণিৰে পৰা সাহসিক খেল দেখুৱালে এইবাৰ বিশ্বকাপত অভিষেক ঘটা আফ্ৰিকাৰ সৰু দ্বীপৰাষ্ট্ৰখনে।
৪০ বছৰীয়া গ’লৰক্ষক ভ’জিনিয়াই আছিল মেচৰ নায়ক ।স্পেইনে কেপ ভাৰ্ডিৰ বিৰুদ্ধে লৈছিল ২৭টাকৈ শ্বট । ইয়াৰে ৭টাই আছিল পোনে পোনে গ’লত । কিন্তু ভ’জিনিয়াই প্ৰতিটো শ্বটেই প্ৰতিহত কৰে । তেওঁৰ অসাধাৰণ প্ৰদৰ্শনেৰে কেপ ভাৰ্ডিয়ে প্ৰথম মেচতে ইতিহাস ৰচনা কৰে।

ছিয়াটলত আন এক অঘটনৰ কাষ চাপিছিল ইজিপ্ত। বিশ্বৰ ৯ নম্বৰ দল বেলজিয়ামৰ বিপক্ষে ২৯ নম্বৰ স্থানৰ ইজিপ্তে আৰম্ভণিৰে পৰা আক্ৰমণাত্মক ফুটবল খেলি বেলজিয়ামৰ ডিফেন্স থকা-সৰকা কৰি দিয়ে। কেইবাবাৰো গ’লৰ সুযোগ সৃষ্টি কৰা ইজিপ্তে আগবাঢ়িও যায়। কিন্তু শেষত এটা দুৰ্ভাগ্যজনক আত্মঘাতী গ’লৰ ফলত জয় হাতৰ পৰা ওলাই যায়। অৱশ্যে ড্ৰ আদায় কৰি বিশ্বকাপত নিজৰ শক্তিৰ পৰিচয় দিয়ে আফ্ৰিকাৰ দলটোৱে।
আনহাতে, মায়ামিত উৰুগুৱেক স্তব্ধ কৰিলে এছীয় শক্তি ছৌদি আৰৱে ।
দক্ষিণ আমেৰিকাৰ শক্তিশালী দলটোৰ বিপক্ষে সমানে সমানে যুঁজ দি মেচ ১-১ গ’লত ড্ৰ কৰে ছৌদি আৰবে। ফলত গ্ৰুপ এইচত প্ৰথম ৰাউণ্ডৰ পাছত চাৰিওটা দলৰ নামৰ কাষত থাকিল এক পইণ্টকৈ।
ইপিনে, লছ এঞ্জেলছ আছিল ৰাজনৈতিক উত্তেজনা আৰু ফুটবলৰ সমাহাৰ ।
আমেৰিকাৰ সৈতে শান্তি চুক্তিৰ পাছতে কালি বিশ্বকাপ অভিযান আৰম্ভ কৰা ইৰাণে নিউজিলেণ্ডৰ বিপক্ষে মেচ ২-২ ড্ৰ কৰে। দুবাৰ পিছ পৰিও ঘূৰি আহি সমতা স্থাপন কৰে ইৰাণে। ফলত গ্ৰুপ জিৰ দৌৰো সম্পূৰ্ণ মুকলি হৈ থাকিল।
আনহাতে গ্ৰুপ এইচতো এতিয়া একেই ছবি। স্পেইন, কেপ ভাৰ্ডি, উৰুগুৱে আৰু ছৌদি আৰব – চাৰিওটা দলেই প্ৰথম মেচৰ অন্তত একে স্থানত।
বিশ্বকাপৰ আৰম্ভণিতে শক্তিধৰ দলসমূহক হতভম্ব কৰি দিছে অখ্যাত দলে। ফলত গ্ৰুপ জি আৰু এইচত নকআউট পৰ্যায়ৰ দৌৰ এতিয়া আগতকৈও অধিক উত্তেজনাপূৰ্ণ হৈ উঠিল।