অসমআঞ্চলিকখাদ্যস্বাস্থ্য

পূজাৰ বতৰত প্রসাদ নহয় দৈ খাই অসুস্থ এটা পৰিয়ালৰ ৩ জনকৈ লোক!

কামৰূপৰ নগৰবেৰাৰ পিজুপাৰা পলাশৰটাৰীত সংঘটিত হৈছে এক দুৰ্ঘটনা

যিকোনো সময়ত যিকোনো খাদ্যই আপোনাৰ বাবে হ’ব পাৰে বৰবিহ। কামৰূপৰ নগৰবেৰাৰ পিজুপাৰা পলাশৰটাৰীত সংঘটিত হৈছে এক দুৰ্ঘটনা। এই পূজাৰ বতৰতে প্রসাদৰ সলনি অমৃত সদৃশ দৈ খাই এটা পৰিয়ালৰ ৩ জনকৈ লোক অসুস্থ হৈ পৰাৰ খৱৰে এতিয়া সকলোকে স্তম্ভিত কৰিছে।

 

 

পিজুপাৰা পলাশৰটাৰী গাঁৱৰ শিক্ষক প্রাণকুমাৰ দাস, পত্নী আৰু তেওঁলোকৰ পুত্ৰ সন্তান দৈ খাযই অসুস্থ হৈ পৰে। শনিবাৰে আবেলি একে গাঁৱৰে এঘৰৰ পৰা কিনি অনা দৈ খাই সন্ধিয়াৰ ভাগতে অসহ্য পেটৰ বিষ, পনীয়া শৌচ-বমি হয়। তাৰ পিছত নিশাৰ ভাগতে নগৰবেৰা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্রত ভৰ্তি কৰোৱা হয়। প্রাণকুমাৰ দাস আৰু পুত্র চিকিৎসাৰ অন্তত কিছু সুস্থ হৈ উঠে। কিন্তু প্রাণকুমাৰ দাসৰ পত্নীক সংকটজনক অৱস্থাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্রেৰণ কৰে।সাধাৰণ দৈ খায় এটা পৰিয়াল অসুস্থ হোৱাৰ খৱৰে তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্র অঞ্চলজুৰিৰ লগতে চিকিৎসালয়ত। গতিকে এতিয়াৰ পৰা আপুনিও সাৱধান হওক এইবোৰ বস্তুত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.