ধৰ্মীয়ধাৰ্মিকভাৰত

হিজাব বিতৰ্কৰ মাজতে এগৰাকী ছাত্ৰীয়ে দিয়া মন্তব্যই এতিয়া দেশজুৰি লাভ কৰিছে চৰ্চা

এই মন্তব্যৰ পিছতে একাংশই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে ছাত্ৰীগৰাকীক

বৰ্তমান দেশজুৰি চলিচে হিজাব বিতৰ্ক। হিজাব বিতৰ্কৰ মাজতে জম্মু–কাশ্মীৰৰ এগৰাকী ছাত্ৰীয়ে সাহসীকতাৰে মন্তব্য আগবঢ়াই লাভ কৰিছে ব্যাপক চৰ্চা।

ছাত্ৰীগৰাকীয়ে কয়, ‘‘মই ইছলামীয় আদৰ্শক মানি চলো আৰু ভাল মুছলমান বুলি প্ৰমাণ দিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই। আল্লাৰ ওপৰত মোৰ বিশ্বাস আছে আৰু মই ইছলামিক আদৰ্শ মানি চলো। নিজকে ভাল মুছলমান বুলি প্ৰমাণ কৰিবলৈ মই হিজাব পিন্ধাৰ প্ৰয়োজন নাই।’’ আৰুছাৰ এই সাহসী মন্তব্য আৰু স্পষ্টবাদিতাই এতিয়া দেশজুৰি চৰ্চা লাভ কৰিছে যদিও এই মন্তব্যৰ পিছতে একাংশই এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লৈছে ছাত্ৰীগৰাকীক।

উল্লেখ্য যে, আৰুছা পাৰভেজ নামৰ এই মেধাৱী ছাত্ৰীগৰাকীয়ে সদ্য ঘোষিত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৰাজ্যখনৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছিল। জিলা প্ৰশাসনে তেওঁক সম্বৰ্ধনাও জনাইছিল। তাৰ বিপৰীতে কিন্তু একাংশ লোকে তেওঁক তীব্ৰ সমালোচনা কৰিছিল। কাৰণ ছাত্ৰীগৰাকীয়ে হিজাব পিন্ধা নাছিল। কিন্তু সাহসী ছাত্ৰীগৰাকীয়ে সমালোচনা কৰাসকলক দিয়ে উচিত প্ৰত্যুত্তৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.