Government Schemeঅসম

বিলুপ্ত হ’ল অসমৰ এই চাৰিখন জিলা। কেবিনেটত আৰু কি কি সিদ্ধান্ত লোৱা হ’ল!

বিলুপ্ত হ'ল অসমৰ চাৰিখন জিলা

বিলুপ্ত হ’ল অসমৰ চাৰিখন জিলা। অসমৰ বিশ্বনাথ,হোজাই, বজালী আৰু তামুলপুৰ জিলাক আনুষ্ঠানিকভাৱে ভংগ ঘোষণা কৰিলে ৰাজ্যিক কেবিনেটে। শোণিতপুৰ জিলাত সংলগ্ন হ’ব বিশ্বনাথ,নগাঁও জিলাত সংলগ্ন হ’ব হোজাই, বৰপেটা জিলাত চামিল হ’ব বজালী জিলা, তামোলপুৰ সংলগ্ন হ’ব বাক্সা জিলাৰ সৈতে। নতুন দিল্লীত কেবিনেট সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা। এতিয়াৰে পৰা উত্তৰ গুৱাহাটী সংলগ্ন হ’ব কামৰূপ মহানগৰ জিলাৰ সৈতে। অসমৰ ভৱিষ্যতৰ স্বাৰ্থত লোৱা হৈছে এই সিদ্ধান্ত। এই সিদ্ধান্তৰ বাবে মুখ্যমন্ত্ৰীয়ে ক্ষমা-প্ৰাৰ্থনা বিছাৰে।

পুৰণি উপায়ুক্ত কাৰ্যালয়তে চলিব কাম-কাজ। নতুন জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্মাণকাৰ্য চলি থাকিব।১ জানুৱাৰীৰ পৰা প্ৰশাসনিক গোট গঠন কৰিব পৰা নাযাব। ১৪খন জিলাৰ কিছু গাঁৱৰ সীমা সাল-সলনি কৰা হ’ব।কাইলৈৰ পৰা আৰম্ভ হ’ব সমষ্টি পুনঃনিৰ্ধাৰণৰ কাম। উত্তৰ গুৱাহাটীৰ অঞ্চল মহানগৰলৈ হস্তান্তৰ। ৩৫ৰ পৰা ৩১খনলৈ হ্ৰাস পালে ৰাজ্যৰ জিলা। চাৰিওখন জিলাতে চাৰিগৰাকী ADC নিযুক্তি দিয়া হ’ব।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.