অৰ্থনৈতিকঅসম

মূল্যবৃদ্ধিৰ ৰামটাঙোন! ইমান ভাল দিন: খাবলৈও ল’ব লাগিব ঋণ…

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি। প্ৰতিটো সামগ্ৰীৰ অতিৰিক্ত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ লোকক।

ইয়াতকৈ আৰু পৰিৱৰ্তন কি হব পাৰে!

ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি। প্ৰতিটো সামগ্ৰীৰ অতিৰিক্ত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সাধাৰণ লোকক।

ভাল দিন আহিব বুলি যি সকল উত্ৰাৱল হৈ পৰিছিল তেওঁলোকে এতিয়া মুৰে কপালে হাত দি ভাৱিছে- ইয়াতকৈ আৰু ভাল দিন নালাগে।

মিঠাতেলৰ অধিক মূল্যবৃদ্ধিৰ প্ৰকৃত কাৰণ বিচাৰি অনুপম গল্ড মিঠাতেলৰ উত্তৰ পূৰ্বাঞ্চলৰ বৃহৎ পাইকাৰী প্ৰতিস্থান “সীমা এণ্টাৰপ্ৰাইজ”ত “প্ৰথম খবৰ”ৰ চৰজমিন তদন্ত চলোৱাত গম পোৱা গল মিঠাতেলৰ দাম বৃদ্ধিৰ প্ৰকৃত কাৰণ।

মনকৰিবলগীয়া যে, একে মিঠাতেল একে মাহঁতে পেকেজিং কিন্তু দাম ভিন্ন ভিন্ন। যদি এটা কার্তনত যদি প্ৰতি লিটাৰ মিঠাতেলৰ MRP ২০৯ টকা আনহাতে আন এটা কার্তনত প্ৰতি লিটাৰৰ MRP ২১৫ টকা ।

আনহাতে, ভবাৰ দৰেই নিৰ্বাচন অন্ত পৰাৰ পাছত মূল্য বাঢ়িল পেট্ৰ’ল-ডিজেলৰ।

কেৱল পেট্ৰ’ল-ডিজেলৰ মূল্যই নহয়, ঘৰুৱা ৰন্ধন গেছৰ মূল্য একেই কোবত ৫০ টকাকৈ বৃদ্ধি পালে । প্ৰায় ১০০০ টকায়েই হ’ল ঘৰুৱা ৰন্ধন গেছৰ একোটা চিলিণ্ডাৰৰ মূল্য। ৰাজ্যত বিদ্যুতৰ মূল্যও বৃদ্ধি পালে। ১ এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতৰ মূল্য ৫৯ পইচাও বৃদ্ধি হোৱা দেখা গ’ল।

একেলগে ইমানবোৰ ভাল খবৰ। এনেকৈ যদি উৎপাদনশীল জাতি এটাক পংগু কৰি শোষনৰ মায়াজাল ৰচে দেশ বাৰু কিমান দিনলৈ এনেকৈ চলিব?

ৰাজনৈতিক চলনাময়ী কথা-বতৰাৰে মোহবন্দী হৈ আজি হাত-চাপৰি মাৰি বহি থকা বহুতৰে মোহভংগ হৈছে। সাৰ পাই বুজিছে আচলতে ভাল দিন কি?

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.