অপৰাধঅসম

সহপাঠীক যৌন নিৰ্যাতন চলাই ৰঙাঘৰৰ আলহী হ’ল তেজপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ…

তিনিদিন ধৰি MBBT বিভাগৰ গৱেষক ছাত্ৰ কৌশল আগৰৱালে বিশ্ববিদ্যালয়ৰ চৌহদত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলাইছিল একে বিভাগৰে এগৰাকী গৱেষক ছাত্ৰীক।

ঐতিহ্যমণ্ডিত তেজপুৰ বিশ্ববিদ্যালয়ত বীভৎস কাণ্ড। বিশ্ববিদ্যালয় চৌহদতে অসুৰক্ষিত ছাত্ৰী। প্ৰিয় বন্ধুৰ যৌন নিৰ্যাতনৰ বলি হ’ল এগৰাকী দুৰ্ভগীয়া ছাত্ৰী।

নিৰ্যাতন চলোৱা গৱেষক ছাত্রৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলিলে ভুক্তভোগী ছাত্ৰীয়ে। তিনিদিন ধৰি MBBT বিভাগৰ গৱেষক ছাত্ৰ কৌশল আগৰৱালে বিশ্ববিদ্যালয়ৰ চৌহদত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলাইছিল একে বিভাগৰে এগৰাকী গৱেষক ছাত্ৰীক।

তিনিদিন ধৰি নিৰ্যাতন চলাইছিল ধৃত কৌশল আগৰৱালে। নিৰ্যাতনৰ ১০ দিন পিছত আৱশেষত উপায়ন্তৰ হৈ পৰা ভুক্তভোগী ছাত্ৰীয়ে আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। ছাত্ৰীগৰাকীৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত গৱেষক ছাত্র কৌশল আগৰৱালাক।

বৰ্তমান ৰঙা ঘৰৰ আলহী কৌশল আগৰৱাল। এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে বিশ্ববিদ্যালয়ৰ চৌহদ। সকলোৱে দোষীক উপযুক্ত শাস্তি বিহাৰ দাবী জনাইছে। লগতে, শোণিতপুৰ জিলাৰ SPয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.