স্বাস্থ্য

আপুনি বিলাহী খাই ভাল পায়নে? আপুনি জানেনে শৰীৰৰ কি ৰোগৰ প্ৰতিৰোধক বিলাহী?

বৈজ্ঞানিকসকলে কৰা পৰীক্ষাৰ ফলাফল মতে, দৈনিক বিলাহী খালে ছালৰ সমস্যা যথেষ্ট পৰিমাণে দূৰ হয়।

বিলাহীৰ আঞ্জা খাই বেয়া পোৱা মানুহ হয়তো বহু কম ওলাব। বিভিন্ন আঞ্জাত বিলাহী দিলে আঞ্জাখনৰ সোৱাদো যথেষ্ট ভাল হয়। আপুনি বিলাহীৰ গুণাগুণ বহুতো শুনিছে, কিন্তু আপুনি যদি দৈনিক বিলাহী খায়, তেন্তে এটা মাৰাত্মক ৰোগৰ পৰা হাত সাৰিব আপুনি।

 

বৈজ্ঞানিকসকলে কৰা পৰীক্ষাৰ ফলাফল মতে, দৈনিক বিলাহী খালে ছালৰ সমস্যা যথেষ্ট পৰিমাণে দূৰ হয়। ই মানুহৰ ছালৰ কেন্সাৰ ৰোধ কৰে। কিন্তু কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়াত কিদৰে সহায় কৰে বিলাহীয়ে?

বিলাহীত থকা ৰঙা ৰঙে অতি বেঙুণীয়া ৰশ্মিৰ পৰা ছালখন সুৰক্ষিত কৰি ৰাখে। বিলাহীয়ে কেন্সাৰৰ টিউমাৰক বৃদ্ধি হোৱাত বাধা প্ৰদান কৰে লগতে এয়া নিঃশেষো কৰে। ৰঙা বিলাহীত কেৰোটিনইড নামৰ এটা উপাদান থাকে, যি টিউমাৰ হ্ৰাস কৰাত সহায় কৰে।

বিলাহীত উপলব্ধ লাইকোপীনত কেন্সাৰৰ সৈতে যুঁজ দিয়াৰ ক্ষমতা থাকে। পৰীক্ষা অনুসৰি ছালৰ কেন্সাৰৰ পৰা বাচিবলৈ হ’লে সূৰ্য্যৰ ৰশ্মিৰ পৰা বাচিব লাগিব, আৰু বিলাহী খাই আপুনি পৰিত্ৰাণ পাব পাৰিব এই মাৰাত্মক ৰোগৰ পৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.