আন্তঃৰাষ্ট্ৰীয়ক্ৰিকেটখেলভাৰতস্বাস্থ্য

দুই মহাতাৰকাই সামৰিব নেকি আন্তৰ্জাতিক ক্ৰিকেট?

বৰ্ডৰ এই বাৰ্তাই ভবিষ্যতৰ ইংগিত নেকি?

ৰোহিত শৰ্মা, বিৰাট কোহলিক BCCIৰ স্পষ্ট নিৰ্দেশনা। দলত স্থান লাভৰ বাবে প্ৰমাণ দিব লাগিব fitness, consistency ।

সুদীৰ্ঘ ১৩ বছৰৰ পিছত ঘৰুৱা ক্ৰিকেটলৈ কোহলিৰ প্ৰত্যাবৰ্তন!
বাধ্যতামূলক হৈ পৰিল বিজয় হাজাৰে ট্ৰফীত খেলাটো।
ক্ৰিকেটৰ দুই মহা তাৰকা ৰোহিত শৰ্মা আৰু কিং কোহলীৰ ভাৰতীয় জাতীয় ক্ৰিকেটত সম্প্ৰতি যিমান অৱদান আজিৰ তাৰিখলৈ আছে তাক পুনৰাই কোৱাৰ প্ৰয়োজন নাই। বিশ্ব ক্ৰিকেটৰ সকলো ফৰ্মেটত দুৰ্দান্ত প্ৰদৰ্শন ৰোহিত-কোহলিৰ। ইতিমধ্যে দুয়ো তাৰকাই আন্তৰাষ্ট্ৰীয় টেষ্ট আৰু T20 মেছৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও এদিনীয়া ক্ৰিকেটত সম্প্ৰতি দুয়ো অব্যাহত ৰাখিছে তেওঁলোকৰ অদম্য ক্ৰীড়া শৈলী। সেই একেই উদ্যম, একেই আক্ৰমনাত্মক দুৰ্দান্ত ফিল্ডিঙো । সদ্য সমাপ্ত অষ্ট্ৰেলিয়া-ভাৰত এদিনীয়া শৃংখলা তাৰেই প্ৰমাণ। কিন্তু আশ্বৰ্যজনক কথা যে নিৰ্বাচকৰ দৃষ্টিত এই দুৰ্দান্ত performance যথেষ্ট নহয় দুয়ো মহা তাৰকাৰ বাবে। ব’ৰ্ডৰ মতে, দুয়োৱে যদিহে আগন্তুক শৃংখলাসমূহত জাতীয় দলত স্থান নিশ্চিত হোৱাটো বিচাৰে তেনেহলে সম্পূৰ্ণ fitness আৰু ধাৰাবাহিকতা দেখুৱাব লাগিব। জাতীয় দলত স্থান লাভৰ বাবে প্ৰতিজন খেলুৱৈয়ে ঘৰুৱা ক্ৰিকেটত বিশেষকৈ বিজয় হাজাৰে ট্ৰফীত খেলিব লাগিব।

ক্ৰিকেট অনুৰাগীৰ মাজত এতিয়া ব্যাপক কৌতুহল। দুই মহাতাৰকাই সামৰিবনেকি আন্তৰ্জাতিক ক্ৰিকেট? বৰ্ডৰ এই বাৰ্তাই ভবিষ্যতৰ ইংগিত নেকি?
অৱশ্যে এই নিৰ্দেশ যদিও ৰোহিত, বিৰাটৰ বাবে আচহুৱা, ইয়াৰ অন্তৰ্নিহিত এক ইতিবাচক দিশ নথকা নহয়। অভিজ্ঞ বহু যুজঁৰ নায়ক ৰোহিত, বিৰাটে ভালদৰে জানে আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্ৰতী থাকিবলৈ হ’লে নিজকে কিমান সুস্থ সবল কৰি ৰখাৰ লগতে ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে। সেই কথা ভাবিয়েই প্ৰাক্তন ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই তেওঁৰ পূৰ্বৰ ঘৰুৱা দল মুম্বাইৰ হৈ বিজয় হাজাৰে ট্ৰফীত খেলিবলৈ মতপোষণ কৰিছে। ইয়াৰ বিপৰীতে কিং কোহলিয়ে বিজয় হাজাৰে ট্ৰফীত খেলিব নে নাই, সেই সন্দৰ্ভত তেওঁৰ ঘৰুৱা দল দিল্লী ক্ৰিকেট সন্থাৰে একো যোগাযোগ কৰা নাই। বৰ্তমান লণ্ডণত থকা বিৰাট কোহলিয়ে হয়টো ওভতি আহিয়েই দিল্লী দলৰ শিবিৰত যোগ দিব পাৰে। অৱশ্যে অহা ৬ ডিচেম্বৰত ভাৰত-দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাত যদিও দুয়োজনৰে স্হান নিশ্চিত বুলি কব পাৰি। তাৰ বিপৰীতে জানুৱাৰীত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হবলগীয়া শৃংখলাৰ পূৰ্বে দুয়ো শাৰীৰিক সুস্থতা আৰু ধাৰাবাহিকতাৰ প্ৰমান দিব লাগিব । তাৰ বাবে বিজয় হাজাৰে ট্ৰফীত খেলি নিজকে সম্পূৰ্ণৰূপে সাজু কৰি তুলিবলৈ এই ব’ৰ্ডৰ বাৰ্তা। এই নিৰ্দেশনাক অনাগত দিনত দুই মহা তাৰকাই কি দৰে গ্ৰহণ কৰে সেয়াহে লক্ষণীয় ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.