অসমচিকিৎসাস্বাস্থ্য

স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা

ঘটনা সংঘটিত হোৱা প্ৰায় ৫ ঘণ্টা পিছত চিকিৎসক আহি উপস্থিত হয় চিকিৎসালয়ত

লখিমপুৰ স্বাস্থ্য বিভাগৰ পয়ালগা অৱস্থা।
চিকিৎসক নথকা বাবেই মৃত্যুক আকোঁৱালি ল’লে এটি নৱজাতকে।
লখিমপুৰ পানীগাঁও অতিৰিক্ত চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা।
ঘটনা সংঘটিত হোৱা প্ৰায় ৫ ঘণ্টা পিছত ৰাতি ১ বজাত চিকিৎসক গৰাকী আহি উপস্থিত হয় চিকিৎসালয়ত।
উল্লেখ্য যে মৰনৈ আদৰ্শ গাৱঁৰ বিউটি গুৱলা নামৰ এগৰাৰী প্ৰসূতিক সন্ধ্যা ৬.৩০ বজাত পানীগাঁও অতিৰিক্ত চিকিৎসালয়ত পৰিয়ালৰ লোকে ভৰ্তি কৰায় ৷
প্ৰসূতি গৰাকীক ভৰ্তি হোৱা লগে লগে চিকিৎসালয় খনৰ দ্বায়িত্বত থকা চিকিৎসক গৰাকীক খবৰ দিয়ে যদিও চিকিৎসক গৰাকী উপস্থিত নহ’ল ৷
বাৰম্বাৰ ফোন কৰা পিছতো চিকিৎসক গৰাকীৰ উপস্থিত নোহোৱাত কতব্য ৰত এগৰাকী জি এন এমে প্ৰসৱ কৰা সম্পূৰ্ণ। দাৰিত্ব লৈয় যদিও কোনো উন্নত সা সমজান নথকাত নৱজাত শিশুটো মৃত্যু হয় ৷
কেৱল টাৰ্গেট ফিলাপ কৰিবৰ বাবেই প্ৰসূতি গৰাকীক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ নকৰিলে ৷
পৰিয়ালৰ লোকে বাৰম্বাৰ উন্নত চিকিৎসা বাবে লখিমপুৰ মেডিকেল কলেজলৈ নিম বুলি কৈছিল।

আত্মীয়ই কয়,- “চিকিৎসালয় খনৰ চিকিৎসক আৰু নাৰ্ছৰ গাফিলতি বাবেই নৱজাত শিশুটো হেৰুৱালে৷ সেইয়ে ইয়াৰ এটি উচিত তদন্ত বিচাৰে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে। ঘটনা সংঘটিত হোৱা প্ৰায় ৫ ঘণ্টা পিছত ৰাতি ১বজাত চিকিৎসক গৰিকীৰ আহি উপস্থিত হয় চিকিৎসালত।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.