দুৰ্ঘটনাভাৰত

দাউ দাউ কৈ জ্বলি উঠিল লক্ষ্ণৌৰ এখন হোটেল

হোটেলখনৰ কেইবাটাও কোঠাত আৱদ্ধ হৈ পৰে বহুলোক

লক্ষ্ণৌৰ এখন হোটেলত ভয়ংকৰ অগ্নিকাণ্ড। সোমবাৰে ৰাতিপুৱা উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ হজৰতগঞ্জত অৱস্থিত লেভানা হোটেলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ।

 

 

অগ্নিকাণ্ডৰ ফলত সৃষ্টি হোৱা ধোৱাৰ বাবে হোটেলখনৰ কেইবাটাও কোঠাত বহুতো লোক আৱদ্ধ হৈ পৰে। উশাহ-নিশাহত কষ্ট পোৱাৰ ফলত অচেতন হৈ পৰে কেইবাজনো লোক।

 

তথ্য অনুসৰি, ঘটনাটোত মৃত্যু হয় ৪ জন লোকৰ। আনহাতে গুৰুত্বৰভাৱে আহত হয় ১১ জনকৈ লোক। কেইবাখনো অগ্নিনিৰ্বাপক গাড়ীৰ লগতে এম্বুলে়ঞ্চ উপস্থিত হয় ঘটনাস্থলীত। জৰুৰীকালীন সাহায্যৰ দলে হোটেলৰ খিৰিকী ভাঙি উদ্ধাৰ কৰে আবদ্ধ লোকসকলক। বৰ্তমানেও চলি আছে উদ্ধাৰ কাৰ্যসূচী।

 

হোটেলখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ সময়ত প্ৰায় ৪০ জনকৈ লোক উপস্থিত থাকে। অগ্নি নিৰ্বাপক সেৱাৰ এজন বিষয়াই জনোৱা অনুসৰি হোটেলখনৰ দ্বিতীয় মহলাত হোৱা চৰ্ট চাৰ্কিটৰ ফলতে সংঘটেত হয় এই অগ্নিকাণ্ডৰ। ঘটনা সন্দৰ্ভত তদন্তৰ আদেশ দিয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.