আন্তঃৰাষ্ট্ৰীয়ধৰ্মীয়

আজিৰে পৰা আৰম্ভ হ’ল পবিত্ৰ ৰমজান মাহ, ইছলামধৰ্মী লোকৰ মাজত ব্য়াপক উছাহ…

ইছলাম ধৰ্মী লোকবিশ্বাস মতে, এই মাহত প্ৰভুৰ উপাসনা বা ধৰ্মীয় কাৰ্য কৰিলে অন্য মাহৰ তুলনাত বেছিকৈ পুণ্যতা যায়। তাৰোপৰি ৰোজা পালনকাৰীৰ কাৰণে মহান আল্লাই জান্নাতৰ দৰ্জাসমূহ উন্মুক্ত কৰি দিয়ে।

আজি ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ ৰমজান মাহৰ আৰম্ভণি। ২ এপ্ৰিল,২০২২ তাৰিখে চন্দ্ৰ প্ৰত্যক্ষ কৰাৰ পিছত ৩ এপ্ৰিলৰ পৰা ইছলামধৰ্মী লোকসকলে পালন কৰিব ৰোজা।ৰমজানৰ বাবে বিশ্বজুৰি ইছলামধৰ্মী লোকসকলৰ মাজত বিৰাজ কৰিছে আনন্দ-উছাহ। এটা বছৰ প্ৰতীক্ষাৰ অন্তত মুছলমান সম্প্ৰদায়ৰ লোকসকলৰ দুৱাৰডলিত আহি উপস্থিত হৈছে পূণ্যময়ী মাহ পবিত্ৰ ৰমজান। বিশুদ্ধ মনেৰে ৰমজান মাহলৈ সাজু হৈছে সকলো।

ইছলামীক বিধান অনুসৰি ৰমজান হৈছে উপবাসৰ মাহ। এই মাহত মুছলমান সকলে দিনটো উপবাসে থাকি ৰোজা অৰ্থাৎ ব্ৰত পালনৰ দ্বাৰা ধৰ্মীয় কাৰ্য আৰম্ভ কৰে। তদুপৰি প্ৰতিদিনে পাঁচ বাৰকৈ নামাজ পঢ়াৰ লগতে বিভিন্ন ধৰণৰ এবাদত আৰম্ভ কৰে। ইছলাম ধৰ্মী লোকবিশ্বাস মতে, এই মাহত প্ৰভুৰ উপাসনা বা ধৰ্মীয় কাৰ্য কৰিলে অন্য মাহৰ তুলনাত বেছিকৈ পুণ্যতা যায়। তাৰোপৰি ৰোজা পালনকাৰীৰ কাৰণে মহান আল্লাই জান্নাতৰ দৰ্জাসমূহ উন্মুক্ত কৰি দিয়ে।

আজিৰে পৰা আৰম্ভ হ'ল পবিত্ৰ ৰমজান মাহ, ইছলামধৰ্মী লোকৰ মাজত ব্য়াপক উছাহ...

ইছলামধৰ্মী লোকৰ বাবে ৰমজান অথবা ৰামাদন হৈছে যথেষ্ট গুৰুত্বপূৰ্ণ মাহ। ইছলামিক কেলেণ্ডাৰৰ নৱম মাহত বিশ্বজুৰি মুছলমান লোকসকলে ব্ৰত ৰাখে, প্ৰাৰ্থনা কৰাৰ লগতে মানৱীয় কাৰ্যকলাপত নিজকে ব্যস্ত ৰাখে।প্ৰতিদিনে পাঁচ বাৰ নামাজ পঢ়া’কে ধৰি বিভিন্ন ধৰণৰ এবাদত আৰম্ভ কৰে। ইছলামধৰ্মী লোকসকলে সূৰ্যোদয়ৰ পূৰ্বে উঠি আহাৰ গ্ৰহণ কৰি(চেহৰি), ওৰে দিন উপবাসে থাকি সূৰ্য অস্ত যোৱাৰ পাছত আহাৰ গ্ৰহণ কৰে, যাক ইফতাৰ বুলি কোৱা হয়।

৩ এপ্ৰিলৰ পৰা ১ মে’লৈকে ৰোজা ৰাখিব ইছলামধৰ্মী লোকে। ১ মে’ৰ দিনটোত ইছলামধৰ্মী লোকসকলে শেষৰটো উপবাস ৰাখিব। শেষৰ দিনটোত অৰ্ধচন্দ্ৰ প্ৰত্যক্ষ কৰি ঈদ-ওল-ফিটৰ উদযাপন কৰা হয়।

 

আজিৰে পৰা আৰম্ভ হ'ল পবিত্ৰ ৰমজান মাহ, ইছলামধৰ্মী লোকৰ মাজত ব্য়াপক উছাহ...

উল্লেখ্য যে, ৰামাদন শব্দটো আৰবী শব্দ আৰ-ৰামাদ(ar-ramad)ৰ পৰা উৎপত্তি হৈছে। এয়া বিশ্বাস কৰা হয় যে, এইটো বিশ্বাস কৰা হয় যে এই সময়ছোৱাতে দেৱদূত গেব্ৰিয়েলে মুহাম্মাদ (ছাঃ)ৰ ওচৰত কোৰাণৰ কথাপ্ৰকাশ কৰিছিল। এই পবিত্ৰ কথাক স্মৰণ কৰিবলৈ ইছলামধৰ্মী লোকসকলে উপবাসে থাকে। এই পবিত্ৰ মাহত তেওঁলোকে আধ্যাত্মিক শুদ্ধতাক প্ৰাথমিকতা দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 2 =

Back to top button