অসমখেল

বিনা প্ৰতিদ্বন্দ্বিতাৰে BAIৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

BAIৰ উপৰিও Badminton Asiaৰ উপ-সভাপতি, World Federation Executive Councilৰ এজন সদস্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

ভাৰতীয় বেডমিণ্টন সন্থা(BAI)ৰ সভাপতি হিচাপে পুনৰ নিৰ্বাচিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ২০২২ৰ পৰা ২০২৬ চনলৈকে বেডমিণ্টন সন্থাৰ সভাপতি হ’ব মুখ্যমন্ত্ৰীগৰাকী। শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা BAIৰ সাধাৰণ সভাত লোৱা হয় এই সিদ্ধান্ত। বিনা প্ৰতিদ্বন্দিতাৰে সভাপতি হিচাপে নিৰ্বাচিত হয় মুখ্যমন্ত্ৰী গৰাকী।

 

উল্লেখ্য যে, ড০ হিমন্ত বিশ্ব শৰ্মাই ২০১৭ চনত প্ৰথমবাৰৰ বাবে ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছিল। বিগত চাৰি বছৰত বেডমিণ্টন খেলৰ বিকাশৰ বাবে যথেষ্ট পুঁজি সংগ্ৰহ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। BAIৰ উপৰিও Badminton Asiaৰ উপ-সভাপতি, World Federation Executive Councilৰ এজন সদস্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.