leatest updateঅসমদৈনিক বাতৰি

সাৱধান! ১৫ জুলাইলৈকে ৰাজ্যৰ নৈ-বিলত মাছ মৰা নিষিদ্ধ প্ৰশাসনৰ।

মৎস্য উদ্যোগক উদগণি যোগোৱাৰ বাবে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বৰ্তমান সময়ত পুখুৰী-বিলত মাছে কণী দিয়াৰ সময়। মৎস্য উদ্যোগক উদগণি যোগোৱাৰ বাবে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ১৫ জুলাইলৈকে ৰাজ্যৰ নৈ-বিলত মাছ মৰাটো নিষিদ্ধ। কিন্তু তাৰ পিছতো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে একাংশ অসাধু লোকে অব্যাহত ৰাখিছে মাছ মৰা কাৰ্য। সোমবাৰে বৰমাত মাছমৰীয়াৰ বিৰুদ্ধে অভিযান চলায় জিলা মীন বিভাগে।

এই অভিযানত স্থানীয় প্ৰশাসনে সহযোগ কৰে মীন বিভাগক। অভিযানকাৰী দলটোৱে কেইবাজনো মাছমৰীয়াৰ পৰা জব্দ কৰে বহুকেইখন জাল। মাছমৰীয়াৰ বিৰুদ্ধে এই অভিযান ১৫ জুলাই পৰ্যন্ত অব্যাহত ৰখাৰ ঘোষণা মীন বিভাগৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 15 =

Back to top button