অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগ

ভয়ংকৰ গৰাখহনীয়া! ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে হাজাৰ হাজাৰ সপোন…

হাজাৰ হাজাৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ লগতে কেইবাখনো গাও ইতিমধ্যে জাহ গৈছে নদীৰ বুকুত৷

ঢেকীয়াজুলি ভৰাশিঙৰীত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া৷ হাজাৰ হাজাৰ কৃষিভূমি নৈৰ বুকুত জাহ যোৱাৰ লগতে কেইবাখনো গাও ইতিমধ্যে জাহ গৈছে নদীৰ বুকুত৷

নদীৰ পাৰৰ বতলা, ঢেকেৰী, গৰুডুবা, ভৰাশিঙৰী আৰু ধিৰাইমাজুলি গাওঁকেইখনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে নৈ খনে৷ নেৰেনেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হয় এতিয়া অঞ্চলটোত প্ৰতিদিনেই খহিছে চপৰাচপৰে গৰা৷

নৈ খনে ঐতিহ্যমণ্ডিত হৰগৌৰী মন্দিৰৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ লগতে ভৰাশিঙৰীৰ কাষতে থকা পূব মাদ্ৰাছা আৰু এটা মছজিদ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম ঘটিছে৷ গুৰুত্ব নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ৷

বিগত কেইবাবছৰ ধৰি ব্ৰহ্মপুত্ৰ নদীয়ে অঞ্চলটোত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰাৰ পিছতো আজিকোপতি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰাত চিন্তিত হৈ পৰিছে নৈপৰীয়া লোকসকল৷ শীঘ্ৰেই চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি ৰাইজক উপকৃত কৰিবলৈ আহবান জনাইছে স্থানীয় লোকসকলে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button