leatest updateখেলবলিউডভাৰতমনোৰঞ্জন

প্ৰেমৰ দিনটোতেই হাৰ্দিক-নাতাছাৰ বিবাহ… তালিকাত কোন কোন?

তিনিবছৰ পাছত বিবাহপাশত আৱদ্ধ হ'বলৈ আগবাঢ়িছে হার্ডিক পাণ্ডিয়া

তিনিবছৰ পাছত বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছে হার্ডিক পাণ্ডিয়া। প্ৰেমৰ দিনটোতেই প্রেমিকা নাতাছা ষ্টেনকোভিচৰ সৈতেই বিবাহপাশত আৱদ্ধ হ’ব ভাৰতীয় ক্রিকেট তারকাগৰাকী। ভাইৰেল খবৰ অনুসৰি ১৪ ফেব্ৰুৱাৰীতেই বিবাহত আৱদ্ধ হ’ব দুয়ো। ইতিমধ্যে আৰম্ভ হৈছে দুয়োৰে বিবাহৰ প্ৰস্তুতি৷ ৰাজস্থানৰ উদয়পুৰত আয়োজন কৰা হৈছে দুয়োৰে বিবাহৰ অনুষ্ঠান।

উদয়পুৰৰ হোৱাইট ওৱেডিং থিমেৰে দুয়োৰে বিবাহ সম্পন্ন হ’ব। সোমবাৰেই উদয়পুৰলৈ ৰাওনা হৈছে প্ৰেমিকযুগল। সন্তানক কোলাত লৈ দুয়োৱে ৰাওনা হোৱাৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷ বিবাহৰ উদ্দেশ্যে ৰাওনা হৈছে হাড়িকৰ ককায়েক ক্রুণাল পাণ্ডিয়া আৰু তেওঁৰ পৰিয়ালো। ৰয়েল বিয়াখনত উপস্থিত থকাৰ বাবে বিৰাট-অনুষ্কাও ৰাওনা হৈছে৷ উদয়পুৰ অভিমুখে।

উল্লেখ্য যে বিবাহত কোন কোন উপস্থিত থাকিব এই বিষয়টোৱেও বিশেষভাৱে চৰ্চা লাভ কৰিছে ৷ এজনৰ পাছত আনজন ক্রিকেটাৰেই এতিয়া ৰাজস্থান অভিমুখে যাত্ৰা কৰাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাছতেই নেটিজেনে হার্ডিকৰ বিবাহত উপস্থিত থাকিবলগা অতিথিৰ তালিকা ইতিমধ্যে তৈয়াৰ কৰিছে৷ সদ্যবিবাহিত আথিয়া চেট্টী আৰু কে এল ৰাহুলেও বিবাহৰ অনুষ্ঠানত উপস্থিত থাকিবৰ বাবেই উদয়পুৰত উপস্থিত হৈছেগৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.