Socialঅসম

DGP ভাস্কৰজ্যোতি মহন্তৰ সৈতে ৰাজকন্যা সন্দৰ্ভত কি কথা পাতিছিল ডাঃ নভনীল বৰুৱাই?

শনিবাৰে এখন সংবাদমেলযোগে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে ব্যক্ত কৰে দুয়োৰে মাজত হোৱা কথা-বাৰ্তাৰ কথা।

ৰাজকন্যা বৰুৱা আৰু চিকিৎসক নভনীল বৰুৱা সন্দৰ্ভত মুখ খুলিছে আৰক্ষী সঞ্চালক প্রধান ভাস্কৰজ্যোতি মহন্তই। শনিবাৰে এখন সংবাদমেলযোগে আৰক্ষী সঞ্চালক প্রধানগৰাকীয়ে ব্যক্ত কৰে দুয়োৰে মাজত হোৱা কথা-বাৰ্তাৰ কথা।

চিকিৎসক নভনীল বৰুৱাই আৰক্ষী সঞ্চালক প্রধানগৰাকীৰ সৈতে কথা পতা বুলি ওলোৱা বাতৰি সন্দৰ্ভত সংবাদমেলৰ জৰিয়তে স্পষ্টীকৰণ দাঙি ধৰে DGP ভাস্কৰজ্যোতি মহন্তই। ভাস্কৰ জ্যোতি মহন্তই জনায় যে, ৪ তাৰিখে ডাঃ নভনীল বৰুৱাই ফোন আৰু মেছেজ কৰি ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ বিষয়ে জনাইছিল ভাস্কৰ জ্যোতি মহন্তক।

ৰাজকন্যাৰ আত্মহত্যা কৰাৰ প্ৰৱণতা থকাৰ কথাও ডাঃ নভনীলে জনাইছিল ভাস্কৰজ্যোতি মহন্তক। কিন্তু ৰাজকন্যা ICUত ভৰ্তি হৈ থকাৰ কথা গম পোৱা নাছিল DGP গৰাকীয়ে।

লগতে ৰাজকন্যাৰ গোচৰৰ প্ৰাথমিক পৰ্যায়ত আৰক্ষীয়ে গোচৰটো ৰুজু কৰোতে ভুল কৰিছিল বুলি মন্তব্য প্ৰকাশ কৰে ডিজিপিগৰাকীয়ে। ঘটনাৰ বিষয়ে গম পাই তদানীন্তন বিষয়াক লিখিত ৰূপত প্ৰশ্ন কৰাৰ বিষয়ে মন্তব্য কৰে DGP ভাস্কৰজ্যোতি মহন্তই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button