অপৰাধঅৰ্থনৈতিকঅসম

সাৱধান! ৰাজ্যত সক্ৰিয় জালনোট নিৰ্মাণকাৰী চক্ৰ। ভুক্তভোগী হ’ব পাৰে আপুনিও…

ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে দীৰ্ঘদিন ধৰি এই জালনোট নিৰ্মাণৰ ব্যৱসায় চলাই অহা কেইজনমান অপৰাধী

Story Highlights
  • Geetanagar police station, Fake Currency Makers,

ৰাজ্য়ত সক্ৰিয় জালনোট নিৰ্মাণকাৰী চক্ৰ। ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে দীৰ্ঘদিন ধৰি এই জালনোট নিৰ্মাণৰ ব্যৱসায় চলাই অহা কেইজনমান অপৰাধী।

বৃহস্পতিবাৰে, গীতানগৰ আৰক্ষীৰ জালত পৰিছে এটা বৃহৎ জালনোট প্ৰস্তুতকাৰী চক্ৰ ৷ অসম সচিবালয়ৰ প্ৰৱেশ পত্ৰ লৈ ৰাজ্যত জালনোটৰ পোহাৰ মেলিছিল এই দুষ্ট চক্ৰটোৱে।

গীতানগৰ থানাৰ তদন্তকাৰী বিষয়া SI অৰুণ বৰুৱাৰ নেতৃত্বত চলোৱা হয় এই জালনোট বিৰোধী অভিযান। বৰুৱাৰ নেতৃত্বত ৫ জনীয়া আৰক্ষীৰ দলে নিশা বকোত চলাইছিল অভিযান ৷ অভিযান কালত উৎখাত কৰা হয় জাল বনোৱা এটি কাৰখানা, লগতে উদ্ধাৰ কৰা হৈছে জালনোট বনুৱা বিভিন্ন সা-সঁজুলি৷

ইতিমধ্যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মামণি ৰয় বড়ো নামৰ এগৰাকী মহিলা, লগতে জেৰা কৰা হৈছে হেন্টামালা বিবি নামৰ আন এগৰাকী মহিলাক। মহিলাকেইগৰাকীৰ পৰা উদ্ধাৰ এক লাখ সন্দেহজনক জালনোট। বকোৰ ২ নং বৰুৱা পাৰা চাকলা গাঁৱৰ পৰা উদ্ধাৰ কৰা হয় জালনোট খিনি৷

অৱশ্যে, এতিয়াও পলাতক অৱস্থাত আছে জালনোট প্ৰস্তুতৰ মূল মাষ্টাৰমাইণ্ড আজমল হক ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − sixteen =

Back to top button