অসমদৈনিক বাতৰিবিশ্ব

‘ৰক্ত দিয়ক, প্লাজমা দিয়ক, জীৱন বিলাওক, সঘনাই বিলাওক’- আজি বিশ্ব ৰক্তদাতা দিৱস

‘ৰক্ত দিয়ক, প্লাজমা দিয়ক, জীৱন বিলাওক, সঘনাই বিলাওক’- আজি বিশ্ব ৰক্তদাতা দিৱস

আজি বিশ্ব ৰক্তদাতা দিৱস। সমগ্ৰ বিশ্বৰ লগতে অসমতো আজিৰ দিনটোত পালন কৰি অহা হৈছে বিশ্ব ৰক্তদাতা দিৱস। বিশ্ব স্বাস্থ্য সংস্থাই ন’বেল বঁটাবিজয়ী অষ্ট্ৰিয়াৰ মহান চিকিৎসা বিজ্ঞানী কাৰ্ল লেনষ্টেইনাৰলৈ সন্মান জনাই তেখেতৰ জন্মদিনটো বিশ্ব ৰক্তদাতা দিৱস হিচাপে পালন কৰি অহা হৈছে।

২০০৫ চনৰ পৰা এই দিৱস উদযাপন কৰা হৈছে বিশ্বত। এইগৰাকী মহান চিকিৎসা বিজ্ঞানীয়ে ১৯০০ চনত প্ৰথমবাৰলৈ মানুহৰ তেজক AB, A, B, O গ্ৰুপত শ্ৰেণীকৰণৰ আধুনিক পদ্ধতি উদ্ভাৱন কৰিছিল এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে বিশ্বৰ স্বেচ্ছামূলক ৰক্তদাতাসকলক তেওঁলোকৰ নিস্বাৰ্থ সেৱাৰ বাবে কৃতজ্ঞতা জনোৱাৰ লগতে সমাজত স্বেচ্ছামূলক ৰক্তদানৰ বাবে এক গণ আন্দোলন গঢ়ি তোলা।

এই বৰ্ষৰ ৰক্তদাতা দিৱসৰ মূল বিষয়বস্তু ‘ৰক্ত দিয়ক, প্লাজমা দিয়ক, জীৱন বিলাওক, সঘনাই বিলাওক’। আপোনাৰ ৰক্তই আনৰ জীৱন বচাব পাৰে। গতিকে ৰক্তদানৰ দৰে মহান দান একোৱেই হ’ব নোৱাৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.