Socialভাৰতমনোৰঞ্জনমহাৰাষ্ট্ৰমুম্বাই

কেৰিয়াৰ ধ্বংস ৰিয়া চক্ৰৱৰ্তীৰ! জেলৰ পৰা অহাৰ পিছত ছবিৰ অফাৰ নোপোৱা হ’ল ৰিয়াই

ৰিয়া চক্ৰৱৰ্তীক আপোনাৰ মনত আছেনে? সুশান্ত সিং ৰাজপুট  কাণ্ডৰ সৈতে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল সুশান্তৰ প্ৰেমিক ৰূপী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী

ৰিয়া চক্ৰৱৰ্তীক আপোনাৰ মনত আছেনে? সুশান্ত সিং ৰাজপুট আত্মহত্যা কাণ্ডৰে জড়িত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। সুশান্ত সিং ৰাজপুট  কাণ্ডৰ সৈতে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল সুশান্তৰ প্ৰেমিক ৰূপী অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। ২০২০ৰ ১৪ জুনত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুটে। সুশান্তৰ অনুৰাগীসকলে কোনোপধ্যেই মানি লোৱা নাছিল সেয়া আত্মহত্যা বুলি। একাংশ লোকে দাবী উত্থাপন কৰিছিল সুশান্তৰ আত্মহত্যাৰ উচিত তদন্তৰ।

তাৰ পিছতেই তৎপৰ হৈ পৰিছিল আৰক্ষী৷ আৰক্ষীৰ তদন্তত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে উদ্ধাৰ হৈছিল বহুখিনি প্ৰমাণ৷ যাৰ পৰিপ্ৰেক্ষিতত অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল আৰক্ষীয়ে৷ জানিব পৰা মতে সুশান্ত সিং ৰাজপুটৰ প্ৰেমিক আছিল ৰিয়া৷ দীৰ্ঘ দিনৰ পৰা সুশান্তৰ পৰা লৈ আহিছিল লাখ লাখ টকা৷ লগতে চাহৰ লগত মিহলি কৰি খুৱাইছিল ড্ৰাগছ৷

সেইসময়ৰ পৰাই বিতৰ্কত লিপ্ত হৈ আহিছে এইগৰাকী বলীউডৰ অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী৷ জেললৈ যোৱাৰ পিছতেই কেৰিয়াৰ ত যথেষ্ট প্ৰভাৱ পৰে ৰিয়াৰ৷ জামিনত মুকলি আকাশৰ তললৈ অহাৰ পিছতো ৰিয়াই নোপোৱা হ’ল বলীউড ছবিৰ অফাৰ৷ শেহতীয়াকৈ বাংলা ছবিৰ অফাৰহে লাভ কৰিছে অভিনেত্ৰী গৰাকীয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button