জীৱনশৈলীমনোৰঞ্জন

সুখৰ সংজ্ঞা ক’ত ?

সুখী হোৱাৰ মুল মন্ত্ৰ

সুখ বিচাৰি আজি সকলোৱে হাবাথুৰি খাইছে। কিন্তু আমি দৈনিক যি সমূহ কাম কৰো সকলোবোৰ কামতেই সুখী হৈ পৰিব পাৰো। কাৰণ আমাৰ জীৱনৰ লক্ষ্য আৰু কৰ্তব্যবোৰে হৈছে সুখৰ সন্ধানৰ ভিন্ন ৰূপত একো একোটা পদক্ষেপ। সুখ জীৱনৰ লক্ষ্য হ’ব নোৱাৰে। কাৰণ, সুখ হৈছে প্ৰতিজন ব্যক্তিৰ ভিতৰত থকা এক অহৰহ প্ৰক্ৰিয়া আৰু এটা কাহানিও শেষ নোহোৱা সন্ধানী যাত্ৰা।

সাধাৰণতে সচাঁ অৰ্থত সুখী হোৱাৰ দুটা প্ৰাথমিক পথ হৈছে,

.অশান্তি প্ৰদান কৰা পৰিস্থিতিৰ সৈতে সুন্দৰভাবে মোকাবিলা কৰা আৰু নিজকে ভিতৰৰ পৰা সম্পুৰ্ণ ৰূপে সাজু কৰি ৰখা।

.মহানতাৰ দিশে অগ্ৰসৰ হোৱা আৰু তেনেধৰণৰ কৰ্ম কৰি যোৱা।

সুখৰ সংজ্ঞা ক'ত ?

সুখী হ’বলৈ জীৱনটোক বিভিন্ন ভাগত ভগাই লওঁক। জীৱনৰ প্ৰতিটো বস্তুৱেই নিৰ্দিষ্ট গুৰুত্ব আৰু পদক্ষেপৰ দাবীদাৰ। কিন্তু জীৱনত এনেকুৱা একো বস্তু নাই যিয়ে আপোনাৰ পৰা সকলো দাবী কৰে, যাৰ ফলত অন্যান্য বিষয়সমুহ গুৰুত্বহীন হৈ পৰে। আমি সঘনাই কৰা ভুলটো হ’ল জীৱনৰ এটা অংশক জীৱনৰ আন সকলো অংশৰ লগত প্ৰভাৱ পেলাবলৈ দিও। উদাহৰণ স্বৰূপে, যদি কেতিয়াবা অফিচত দিনটো ভালকৈ নাযায় তেনেহ’লে সেইদিনা পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰোতে তাৰ প্ৰভাৱ পৰিয়ালৰ লগত থকা মধুৰ সময়কণত পৰিব দিব নালাগে। নিজকে মানসিকভাবে এইদৰে প্ৰশিক্ষণ দিব লাগে যাতে জীৱনৰ কোনো বেয়া অংশই বাকী জীৱনটোক প্ৰভাৱান্বিত কৰিব নোৱাৰে।

সুখৰ সংজ্ঞা ক'ত ?

জীৱনত এনে এজন ব্যক্তি থকাতো খুবেই প্ৰয়োজন যাৰ লগত মুকলিকৈ কথা পাতিব পাৰি। যদি আনৰ সৈতে কথা পতাটো সম্ভৱ হৈ নুঠে তেনেহ’লে নিজৰ সৈতেই কথা পাতক। ই কল্পনা কৰিব নোৱাৰাকৈ শান্তি প্ৰদান কৰে।

সকলো বস্তুৰে এটা মুল্য থাকে। তেনেদৰে প্ৰত্যাশা পূৰণৰ সমান্তৰালভাৱে হতাশা অহাটো তেনেই সাধাৰণ। গতিকে জীৱনৰ প্ৰতিতো পৰ্যায়তে হতাশাৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে সেয়া শিকি লোৱা উচিত। তাৰ লগতে যদি আন কোনোৱে হতাশাত ভুগে তেন্তে তেওঁকো পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰিবলে চেষ্টা কৰিব লাগে। ইয়াৰ মাজতো কিছু সুখৰ সংজ্ঞা বিচাৰি পোৱা যায়।

সুখৰ সংজ্ঞা ক'ত ?

জীৱনৰ কৰ্তব্য পালনৰ মাজতে আমি প্ৰায়ে নিজক পাহৰি যাও। কিন্তু সেয়া উচিত নহয়। দৈনিক কমেও ৩০ মিনিট সময় নিজৰ ভাল পোৱা কাম এটা কৰিব লাগে। জীৱনটোত অধিক সমৃদ্ধ হয়।

সুখ বুজিব বা বুজাব পৰা বস্তু নহয়, অনুভবহে কৰিব পৰা যায়। আমি সুখৰ সন্ধানত ইমানেই ব্যস্ত হৈ পৰোঁ যে ইয়াক অনুভৱ আৰু উপভোগ কৰিবলৈয়ে পাহৰি যাওঁ।

সুখৰ সংজ্ঞা ক'ত ?

সুখক জীৱনৰ লক্ষ্য হিচাপে লোৱাৰ সলনি জীৱন যাপনৰ এটা পদ্ধতি কৰি তুলিব লাগে। জীৱনত ইতিবাচকতাক আদৰণি জনাবলৈ যৎপৰোনাষ্টি চেষ্টা কৰিব লাগে। সুখ পোৱা কোনো কাম কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপৰ কথা ভবাতকৈ সেই মুহুৰ্তটো অনুভৱ আৰু উপভোগ কৰক জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, সেই পৰিৱৰ্তনৰ শলাগ লওঁক। এবাৰ যদি আপুনি দুখ আহৰণ কৰাৰ সলনি সুখত থাকিবলৈ শিকি পেলায়, তেনেহ’লে আপুনি চিৰদিনৰ বাবে এজন সুখী ব্যক্তি হৈ পৰিব।

 

-প্ৰিয়াংক্ষী মেধি

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − four =

Back to top button