বতৰ

শুকুলা সাজ পিন্ধি বৰদিনলৈ সাজু সপোনপুৰী শ্বিলং, শ্বিলঙত এতিয়া বৰফৰ বৰষুণ

বহুত বছৰৰ পিছত হোৱা বৰফৰ বৰষুণে ব্যাঘাত জন্মায় ৰাজপথত। বুধবাৰে, মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ, পশ্চিম খাছী পাহাৰ, পূব-পশ্চিম খাছী পাহাৰ, ৰিভৈ আৰু পূব খাছী পাহাৰত শিলাবৃষ্টি হয়।

বৰফৰ শুকুলা আচ্ছাদনে আৱৰিছে শ্বিলং। পাহাৰীয়া ঠাই শ্বিলঙত বৰফৰ বৰষুণ। খ্ৰীষ্টমাছৰ পূৰ্বে বৰফেৰে আৱৰি ধৰিছে শ্বিলং। পাহাৰ, গছ-গছনি, ঘৰৰ চাল, গাড়ীৰ ওপৰভাগ আৱৰি ধৰিছে বৰফৰ টুকুৰাৰে।

শুকুলা সাজ পিন্ধি বৰদিনলৈ সাজু সপোনপুৰী শ্বিলং, শ্বিলঙত এতিয়া বৰফৰ বৰষুণ

বুধবাৰে হঠাৎ শ্বিলঙৰ আলি-পদূলি ভৰি পৰিল বৰফেৰে। হঠাতে অহা বৰষুণ, গাজনিৰ পাছতে বৰফৰ প্ৰৱল বৃষ্টিপাত হ’বলৈ আৰম্ভ কৰে শ্বিলঙত। যাৰবাবে ৬০(6 Degree) ছেলচিয়াচলৈ হ্ৰাস পায় শ্বিলঙৰ উষ্ণতা। তাৰপাছতে বৰফাবৃত হৈ পৰে পাহাৰীয়া ঠাইখন।

শুকুলা সাজ পিন্ধি বৰদিনলৈ সাজু সপোনপুৰী শ্বিলং, শ্বিলঙত এতিয়া বৰফৰ বৰষুণ

বহু বছৰৰ পিছত হোৱা বৰফৰ বৰষুণে স্বাভাৱিকতে ব্যাঘাত জন্মাইছে শ্বিলঙৰ ৰাজপথত। বুধবাৰে, মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ, পশ্চিম খাছী পাহাৰ, পূব-পশ্চিম খাছী পাহাৰ, ৰিভৈ আৰু পূব খাছী পাহাৰত শিলাবৃষ্টি হয়।

শুকুলা সাজ পিন্ধি বৰদিনলৈ সাজু সপোনপুৰী শ্বিলং, শ্বিলঙত এতিয়া বৰফৰ বৰষুণ

উল্লেখ্য যে, পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু শ্বিলঙত প্ৰতিবছৰে সৰহ সংখ্যক পৰ্যটকে ভিৰ কৰে। সাগৰপৃষ্ঠৰ পৰা ৪,৯০০ ফুট উচ্চতাত থকা শ্বিলঙৰ জলবায়ু যথেষ্ট সুকীয়া। শ্বিলঙত আজি হঠাতে হোৱা বৰফৰ বৰষুণে আমোদ দিছে সকলোকে। পৰ্যটকসকলেও শুকুলা শ্বিলং পৰিদৰ্শন কৰিবলৈ ঢাপলি মেলিছে শ্বিলঙলৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 1 =

Back to top button