আন্তঃৰাষ্ট্ৰীয়

বিদায় কমৰেড, নিজকে বোমাৰে উৰুৱাই ৰাছিয়াৰ সৈন্যক বাধা দিলে বীৰ জোৱান ভিটালি স্কাকুনে…

ৰাছিয়াৰ আক্ৰমণৰ সময়ত খেৰছনৰ দক্ষিণ প্ৰদেশৰ হেনিচেস্ক দলঙত নিয়োজিত কৰা হৈছিল বীৰ জোৱান ভিটালি স্কাকুনক

দেশতকৈ ডাঙৰ নহয় জীৱন। শত্ৰুৰ পৰা দেশ ৰক্ষাৰ বাবে নিজকে বোমাৰে উৰুৱালে এজন সৈনিকে। ইউক্ৰেইনত প্ৰৱেশ কৰা ৰাছিয়াৰ টেংকক বাধা দিবৰ বাবেই এজন ইউক্ৰেইনৰ সৈন্যই বোমাৰে উৰুৱালে ৰাছিয়াৰ পৰা ইউক্ৰেইনলৈ অহা এখন দলং।

দেশৰ বাবে জীৱন আহুতি দিয়া সৈন্যজন হৈছে মেৰিন বেটেলিয়ন অভিযন্তা ভিটালি স্কাকুন ভলোডিমিৰোভিচ। ৰাছিয়াৰ আক্ৰমণৰ সময়ত খেৰছনৰ দক্ষিণ প্ৰদেশৰ হেনিচেস্ক দলঙত নিয়োজিত কৰা হৈছিল বীৰ জোৱান ভিটালি স্কাকুনক।

 

ৰাছিয়ান সৈন্যৰ টেংকাৰসমূহ ইউক্ৰেইন দিশে অহাৰ সময়তে দ্বিতীয়বাৰৰ বাবে কোনো চিন্তা নকৰি ভিটালিয়ে লয় সিদ্ধান্ত। কিয়নো ৰাছিয়াৰ সৈনিকক বাধা দিয়াৰ একমাত্ৰ কৌশল আছিল হেনিচেস্ক দলংখন ধ্বংস কৰা। সেয়েহে নিজকে বিস্ফোৰিত কৰাৰ লগতে ভিটালিয়ে দলংখন ধ্বংস কৰি ৰাছিয়াৰ টেংকাৰক ইউক্ৰেইনত প্ৰৱেশত বাধা দিয়ে। ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতত দেশৰ বাবে জীৱন ত্যাগ কৰা ভিটালি স্কাকুন ভলোডিমিৰোভিচৰ সাহস সঁচায়ে প্ৰশংসনীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.