অপৰাধভাৰত

ৰাৱণৰ পৰিৱৰ্তে শূৰ্পণখাৰ প্ৰতিমূৰ্তি দহন কৰা হ’ব বিজয়া দশমীত

ৰাজা ৰঘুবংশীৰ হ/ত্য়াকা/ণ্ডৰ মূল নায়িকা সোণম ৰঘুবংশীৰ প্ৰতিমূৰ্তি দাহ কৰিব বিজয়া দশমীত

প্ৰত্য়েক বছৰে বিজয়া দশমীত দাহ কৰা হয় ৰাৱণৰ প্ৰতিমূৰ্তি। কিন্তু তাৰ পৰিৱৰ্তে আগন্তুক বিজয়া দশমীত ইন্দোৰত দেখা যাব এক ব্যতিক্ৰমী দৃশ্য়। দশাননৰ সলনি দহন কৰিব ১১ টা মুৰৰ শূৰ্পণখাৰ প্ৰতিমূৰ্তি।

“পৌৰুষা”ৰ উদ্য়োগত আয়োজন কৰা এই অনুষ্ঠানে এক প্ৰকাৰে সৃষ্টি কৰিছে চাঞ্চল্য়ৰ। অশুভ শক্তিক নাশ কৰাৰ উদ্দেশ্য়ে দাহ কৰা হয় ৰাৱণৰ প্ৰতিমূৰ্তি। সংগঠনটোৰ মতে, অশুভ শক্তি পুৰুষ অথবা নাৰী যিকোনো ৰূপৰ হ’ব পাৰে।

ইন্দোৰৰ ব্য়ৱসায়ী ৰাজা ৰঘুবংশীক চলিত বৰ্ষৰ মে মাহত পৰিকল্পিত ভাৱে হ/ত্য়া কৰিছিল পত্নী সোণম ৰঘুবংশীয়ে। হানিমুনৰ বাবে মেঘালয়লৈ অহা দম্পত্তীৰ চাঞ্চল্য়কৰ ঘটনাই জোকাৰি গৈছিল সমগ্ৰ দেশ। তাৰ পৰিপ্ৰেক্ষিতত শূৰ্পণখাৰ আখ্য়া দি আগন্তুক বিজয়া দশমীত দহন কৰা হ’ব সোণম ৰঘুবংশীৰ প্ৰতিমূৰ্তি।

ইতিমধ্য়ে সমগ্ৰ চহৰখনত অনুষ্ঠানটিৰ বাবে লগোৱা হৈছে বেনাৰ পোষ্টাৰ। “পৌৰুষা” শীৰ্ষক সংগঠনটোৱে আগভাগ লৈছে এই কাৰ্যসূচীত। অনুষ্ঠানৰ দিনা মহালক্ষ্মী নগৰ খেলপথাৰৰ পৰা উলিয়াব বিশাল শোভাযাত্ৰা। অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰঘুবংশী জনগোষ্ঠীৰ লোক আৰু ৰাজা ৰঘুবংশীৰ পৰিয়ালে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.