অসমগুৱাহাটীচিকিৎসাদৈনিক বাতৰিভাৰতস্বাস্থ্য

মানুহৰ জীৱনক লৈ হেতালি খেলিছে ঢকুৱাখনা অসামৰিক চিকিৎসালয়ৰ স্বাস্থ্য বিভাগে, চিকিৎসক নথকাৰ বাবে বিনা চিকিৎসাৰে ঘৰলৈ উভতিবলগীয়া হয় দুৰণিবটীয়া ৰোগী

মৃত্যুৰ ক্ষণ গণিছে ঢকুৱাখনা অসামৰিক চিকিৎসালয়ে

ঢকুৱাখনাবাসীৰ জীৱনক লৈ হেতালি খেলিছে স্বাস্থ্য বিভাগে

চিকিৎসক অবিহনেই চলিছে চিকিৎসালয়

বিনা চিকিৎসাৰে ঘৰলৈ উভতিছে দুৰণিবটীয়া ৰোগী

মৃত্যুৰ ক্ষণ গণিছে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ে। ঢকুৱাখনাবাসীৰ জীৱনক লৈ হেতালি খেলিছে স্বাস্থ্য বিভাগে। চিকিৎসক নথকাৰ বাবে বিনা চিকিৎসাৰে ঘৰলৈ উভতিবলগীয়া হয় দুৰণিবটীয়া ৰোগী। চিকিৎসালয়খনতে সংযুক্ত হৈ আছে এখন ফাৰ্ষ্ট ৰেফাৰেল ইউনিত, এখন সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ। মুঠতে ৪খন চিকিৎসালয়ৰ সমাহাৰ ঘটা এইখন ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত সকলো বিভাগৰ বিশেষজ্ঞ চিকিৎসকৰ লগতে অন্য চিকিৎসা বিষয়াই দপ দপাই থাকিব লাগিছিল।

কিন্ত পৰিতাপৰ কথা এইখন অসামৰিক চিকিৎসালয়ত এতিয়া চিকিৎসকৰ অভাৱ। যি সময়ত সামান্য ৰোগৰ পৰা জটিল ৰোগলৈ, সাধাৰণ প্ৰসৱৰ পৰা ছিজাৰীয়ান প্ৰসৱলৈ সকলোৰে সু-চিকিৎসা ব্যৱস্থা থাকিব লাগিছিল, তেনে সময়ত এতিয়া চিকিৎসালয়ৰ নামত কেৱল চাৰিবেৰহে আছে এইখন চিকিৎসালয়ত। মাত্ৰ ৪গৰাকী চিকিৎসকে আগবঢ়াইছে সেৱা। সকলো দেখি শুনিও চকু মুদা কুলিৰ ভাৱত বিধায়ক নৱ দলে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 1 =

Back to top button