অসমখাদ্যস্বাস্থ্য

ৰজনীগন্ধা নাখাব! ৰজনীগন্ধা খালে কথা পাহৰিব আপুনি, পৰীক্ষাত ধৰা পৰিছে এই ভয়ংকৰ তথ্য…

ভাৰতীয় খাদ্য সুৰক্ষা প্ৰাধিকৰণ আৰু মানক প্ৰাধিকৰণৰ অনুসন্ধানত ধৰা পেলাইছে ৰজনীগন্ধাত বৰবিহৰ উপস্থিতি

ৰজনীগন্ধা। আজিকালি ৰজনীগন্ধা সকলোৰে হাতে হাতে থাকে। ৰজনীগন্ধা চোবাই, পকটিয়াই ৰাস্তাই-ঘাটে বহুতেই ‘ফুলাম’ দৃশ্য সৃষ্টি কৰাটোও অতি সুলভ।

বিশেষকৈ যুৱচামৰ একাংশই এইবিধ ৰজনীগন্ধা পানমছলা খোৱাটো অভ্যাসত পৰিণত কৰি লৈছে। আপুনিও যদিহে এই পানমছলা দৈনিক খাই আছে তেন্তে আপুনিও জানি থওক সুগন্ধি পাণ মচলাৰ নামত আপুনি বিহৰ পেকেট একোটাহে চোবাই আছে। খাওঁতাক নিচাসক্ত কৰাৰ বাবে ৰজনীগন্ধাত মিহলোৱা হয় বিষাক্ত দ্ৰব্য৷ শেহতীয়া পৰীক্ষাত ৰজনীগন্ধাত ধৰা পৰিছে বিষাক্ত দ্ৰব্য। এইকথা নিশ্চিত হোৱাৰ পাছতে ইতিমধ্যে ৰজনীগন্ধা প্ৰস্তুত কৰা কোম্পানীৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে চৰকাৰে।

গুৱাহাটীৰ বামুণী মৈদামত অৱস্থিত ধৰমপাল-সত্যপাল গ্ৰুপৰ কাৰখানাত প্ৰস্তুত হৈছিল এই ৰজনীগন্ধা৷ ভাৰতীয় খাদ্য সুৰক্ষা প্ৰাধিকৰণ আৰু মানক প্ৰাধিকৰণৰ অনুসন্ধানত ধৰা পেলাইছে ৰজনীগন্ধাত বৰবিহৰ উপস্থিতি৷ মানৱ শৰীৰৰ বাবে অপকাৰী মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি ধৰা পৰে অনুসন্ধানত৷ ৰজনীগন্ধাত মিলোৱা এই বিষাক্ত দ্ৰব্যই স্মৃতিশক্তি লোপ কৰে বুলি জানিব পৰা গৈছে৷ এই অনুসন্ধানৰ পাছতে ডিএছ গ্ৰুপৰ ৫০হাজাৰ কাৰ্টুন ৰজনীগন্ধা জব্দ কৰাৰ লগতে ধৰমপাল-সত্যপালৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে৷

এতিয়াৰে পৰা ডিএছ গ্ৰুপে প্ৰস্তুত কৰিব নোৱাৰিব ৰজনীগন্ধা৷ উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ বিষয়াই ফেব্ৰুৱাৰী মাহতে নমুনা সংগ্ৰহ কৰিছিল এই পাণ মছলাৰ৷ কলকাতাৰ নেচনেল ফুড লেবৰেটৰীত ৰজনীগন্ধাত মেগনেছিয়াম কাৰ্বনেটৰ উপস্থিতি ধৰা পৰে৷ পৰৱৰ্তী সময়ত গাজিয়াবাদত কৰা পৰীক্ষাতো এই কথা নিশ্চিত হয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.