অৰ্থনৈতিকআন্তঃৰাষ্ট্ৰীয়কৃষিনাগালেণ্ড

বিদেশত আপোন হ’ল উত্তৰ-পূবৰ ভোট জলকীয়া

বিদেশত ভোট জলকীয়াই পোৱা এনে সমাদৰে এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক সকললৈ

দেশ-বিদেশত আদৰ বাঢ়িছে আপোনাৰ প্ৰিয় ভোট জলকীয়াৰ। বিদেশ পালেগৈ উত্তৰ-পূবৰ জলকীয়া। প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ নাগালেণ্ডৰ কহিমা আৰু মন জিলাৰ ভোট জলকীয়া বৰঝাৰ বিমানবন্দৰ পৰা ৰপ্তানি কৰা হ’ল লণ্ডনলৈ ।

বুধবাৰে এয়াৰ ইণ্ডিয়া বিমানেৰে বৰঝাৰ বিমান বন্দৰৰ পৰা ২১৫ কেজি ভোট জলকীয়া প্ৰেৰণ কৰা হ’ল লণ্ডনলৈ। ইয়াৰ লগতে নাগালেণ্ডৰ পৰা ৰপ্তানি কৰা হৈছে ৫০০ কেজি পাণ ।

বিদেশত ভোট জলকীয়াই পোৱা এনে সমাদৰে এতিয়া আশাৰ বতৰা কঢ়িয়াই আনিছে উত্তৰ-পূৰ্বাঞ্চলৰ কৃষক সকললৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − seventeen =

Back to top button