leatest updateঅসমদৈনিক বাতৰি

‘মোৰ মৃত্যুৰ পিছত এবাৰ হ’লেও মোৰ চিতাৰ কাষত অৰুণ দাসৰ গীতটো তই গাবি।’

পিতৃৰ শেষ ইচ্ছা পূৰণ কৰিলে পুত্ৰই, হাতত গীতাৰ লৈ চিতাৰ কাষত গীত গাই পিতৃক বিদায়...

‘মোৰ মৃত্যুৰ পিছত এবাৰ হ’লেও মোৰ চিতাৰ কাষত অৰুণ দাসৰ গীতটো তই গাবি।’ মৃত্যুৰ পূৰ্বে অপূৰ্ব বৰবৰাই মৰমৰ পুত্ৰ অনিমেষক এই অনুৰোধ কৰিছিল। শুক্ৰবাৰে দূৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতি লোৱা পিতৃৰ এই শেষ ইচ্ছা পূৰণৰ বাবেই অনিমেষে গীতাৰ বজাই পিতৃৰ চিতাৰ কাষত গালে অৰুণ দাসৰ ‘তুমি জানো জানা সোণ’ গীতটো। পিতৃৰ মৃত্যুৰ দিনাই এক শোকাকুল পৰিৱেশৰ মাজতো পুত্ৰ অনিমেষ বৰবৰাই চিতাৰ কাষত গীতাৰ বজাই গীত গোৱা দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই দৃশ্যই এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ।

উল্লেখ্য যে, পুত্ৰক অৰুণ দাসৰ দৰে শিল্পী হোৱাটো বিচাৰিছিল প্ৰয়াত অপূৰ্ব বৰবৰাই। নগাঁৱৰ এগৰাকী সামাজিক-সাংস্কৃতিক কৰ্মী অপূৰ্ব বৰবৰাই বিগত কা আন্দোলনৰ সময়ত কান্ধত ভাৰপাচি লৈ দিছপুৰলৈ পদযাত্ৰা কৰাৰ বাতৰিও চৰ্চিত হৈছিল।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.