আন্তঃৰাষ্ট্ৰীয়

কাইলৈ বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী, কোনকেইটা ৰাশিৰ বাবে শুভ এই সূৰ্য গ্ৰহণ?

ভাৰতীয় সময় অনুসৰি, দুপৰীয়া ১০.৫৮ বজাৰ পৰা আৰম্ভ হোৱা সূৰ্য গ্ৰহণৰ সমাপ্তি ঘটিব ০৩.০৮ বজাত। Timeanddate.com যোগে এটা অনলাইন লাইভ ষ্ট্ৰীম লিংক প্ৰকাশ পাব, যাৰ জৰিয়তে দেশবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা।

কাইলৈ সূৰ্য গ্ৰহণ। ৪ ডিচেম্বৰ, শনিবাৰে বছৰটোৰ অন্তিমটো সূৰ্য গ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী।

ভাৰতীয় সময় অনুসৰি, দুপৰীয়া ১০.৫৮ বজাৰ পৰা আৰম্ভ হোৱা সূৰ্য গ্ৰহণৰ সমাপ্তি ঘটিব ০৩.০৮ বজাত। Timeanddate.com যোগে এটা অনলাইন লাইভ ষ্ট্ৰীম লিংক প্ৰকাশ পাব, যাৰ জৰিয়তে দেশবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিব এই মহাজাগতিক পৰিঘটনা।

কি কি ৰাশিৰ বাবে শুভ আৰু অশুভ এই সূৰ্য গ্ৰহণ?

জ্যোতিষশাস্ত্ৰ অনুসৰি, ৪টা ৰাশিৰ বাবে শুভদায়ক হ’ব এই সূৰ্য গ্ৰহণ। এই সূৰ্য গ্ৰহণ মিথুন, কন্যা, মকৰ, কুম্ভ ৰাশিৰ বাবে শুভদায়ক। আনহাতে বৃশ্চিক, বৃষ, মেষ, ধনু ৰাশিৰ লোক সকলৰ বাবে ইমান শুভদায়ক নহ’ব সূৰ্য গ্ৰহণ।

সূৰ্য গ্ৰহণৰ সময়ত কি কৰিব : গ্ৰহণ চলি থকাৰ সময়ত মনতে শিৱক আৰাধনা কৰক।
শিৱৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জাপ কৰক। গ্ৰহণ সমাপ্তিৰ পাছত দুখীয়াক দান কৰক।

অৱশ্যে ভাৰতবৰ্ষত দৃশ্যমান নহয় এই সূৰ্য গ্ৰহণ। নাছাই উল্লেখ কৰা অনুসৰি এণ্টাৰ্কটিকাত সম্পূৰ্ণ দৃশ্যমান হোৱাৰ লগতে দক্ষিণ আমেৰিকা, আফ্ৰিকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ডত আংশিকভাৱে দৃশ্যমান হ’ব এই সূৰ্য গ্ৰহণ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × three =

Back to top button