এফালে ৰঙালীৰ আনন্দ-উছাহ, আনফালে এক শোকাৱহ ঘটনাই পুৱাই জোকাৰি গ’ল সমগ্ৰ ৰাজ্য। পুৱতি নিশা বিহু মাৰিবলৈ যাওঁতেই নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি লৈ গ’ল ৫গৰাকী ফুলকুমলীয়া যুৱক-যুৱতীক।

ৰঙালীৰ ৰঙৰ মাজতে এই কৰুণ ঘটনা সংঘটিত হৈছে গহপুৰত। গহপুৰৰ টকৌবাৰী ৰঙাজানত দুৰ্ঘটনাত পতিত বিহুৱা দলৰ বাহন। এখন বলেৰ’ পিকআপ বাহনত উঠি বিশ্বনাথত হুঁচৰি গাবলৈ গৈছিল প্ৰায় ২৫ জনীয়া বিহুৱা দলটো। বাহনখন চলাই গৈছিল মুন গগৈয়ে। চালক মুন গগৈয়ে সুৰাপান কৰি যোৱাৰ অভিযোগ আহত যুৱক-যুৱতীৰ। সুৰাত মগন মুন গগৈয়ে অশ্লীল ভাষাৰে যুৱতীকেইগৰাকীক গালি-গালাজ কৰে।

চালকজনে সুৰাপান কৰাৰ বাবে বহুকেইগৰাকীয়ে বাহনত নুঠাৰ সিদ্ধান্ত লৈছিল যদিও উপায়হীন হৈ বলেৰ’ পিকআপ বাহনখনত উঠে যুৱক-যুৱতীকেইগৰাকী। সেয়াই যেন কাল হ’ল সকলোৰে বাবে। আধা ৰাস্তাতে বাগৰি পৰিল চালক মুন গগৈয়ে চলাই নিয়া বাহনখন।
বাহনখন দুৰ্ঘটনাত পতিত হোৱাৰ পাছত থিতাতে নিহত হয় ৩ গৰাকী যুৱতী আৰু ২জন যুৱক। নিহত ৩ যুৱতী ক্ৰমে ৰাধিকা দৈমাৰী, বাই-ভনী বুদ্ধিমতী বড়ো, বৰ্ণালী বড়ো আৰু নিহত দুই যুৱক ক্ৰমে সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী। নিহত আটাইকেইজনেই হৈছে গহপুৰৰ উত্তৰ কৰিবিল আৰু পুৰণি গেৰেজ গাঁৱৰ। দুৰ্ঘটনাত আহতসকলৰ কেইবাজনৰো অৱস্থা বৰ্তমান সংকটজনক। আহতসকলক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে GMCHলৈ। আনহাতে, নিহতসকলক লম্পট চালক মুন গগৈৰ বাগিচাতে চিতা জ্বলোৱাৰ সিদ্ধান্ত লয় স্থানীয় ৰাইজে।
উল্লেখ্য যে, ব’হাগ বিহুৰ মাজতে এই ঘটনাৰ পিছতেই শোকবাৰ্তা প্ৰেৰণ কৰে মুখ্যমন্ত্ৰীয়ে।
Deeply pained by the loss of 5 young lives in an unfortunate road accident at Biswanath last night.
My condolences to the bereaved families of Sanjay Basumatary (17), Koliman Basumatary (21), Bornali Boro (15), Budhimoti Boro (14) and Radhika Daimary (15).
ॐ शांति
— Himanta Biswa Sarma (@himantabiswa) April 17, 2022
