আন্তঃৰাষ্ট্ৰীয়ভাৰত

বিশ্বৰ ভিতৰতে সুখী দেশ কোনখন? কেই নম্বৰ স্থানত আছে ভাৰত?

০২১ চনত ১৩৯নং স্থানত আছিল ভাৰত, ২০২০ চনত ১৪৪ আৰু ২০১৯ চনত সুখী দেশৰ তালিকাত ১৪০নং স্থানত আছিল ভাৰত।

আজি বিশ্ব সুখ দিৱস। সুখ হৈছে জীৱনৰ অপৰিহাৰ্য অংগ। প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে বিশ্ববাসীয়ে পালন কৰে সুখ দিৱস অথবা World Happiness Day। ২০১২ চনৰ ১২ জুলাইত ৰাষ্ট্ৰসংঘই ঘোষণা কৰে এই দিৱসৰ।

বিশ্বৰ ভিতৰতে সুখী দেশ কোনখন? কেই নম্বৰ স্থানত আছে ভাৰত?

World Happiness Indexৰ তথ্য অনুসৰি World Happiness Report হৈছে গোলকীয় সুখৰ সূচক। এই ৰেংকিং হৈছে সঁহাৰি দিয়া লোকসকলৰ জীৱনৰ নিকটতম মূল্যাঙ্কনৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত আৰু লগতে ইয়াত অন্তৰ্ভুক্ত আছে ৰাষ্ট্ৰীয় সুখ। ২০২২ চনৰ আটাইতকৈ সুখী দেশৰ তালিকাত প্ৰথম স্থান দখল কৰিছে ফিনলেণ্ডে। ইয়াৰ দ্বিতীয় স্থানত আছে ডেনমাৰ্ক, তৃতীয় স্থানত ছুইজাৰলেণ্ড, চতুৰ্থ স্থানত আইচলেণ্ড আৰু পঞ্চম স্থানত আছে নেদাৰলেণ্ড।

বিশ্বৰ ভিতৰতে সুখী দেশ কোনখন? কেই নম্বৰ স্থানত আছে ভাৰত?

 

ইয়াৰ পৰিৱৰ্তে ভাৰতৰ স্থান কিছু পৰিমাণে উন্নত হৈছে যদিও এতিয়াও ভাৰতৰ স্থান যথেষ্ট দুখ লগা। ২০২১ চনত ১৩৯নং স্থানত থকা ভাৰতে ২০২২ চনত ১৩৬ নং স্থান দখল কৰিবলৈ সক্ষম হৈছে। ২০২১ চনত ১৩৯নং স্থানত আছিল ভাৰত, ২০২০ চনত ১৪৪ আৰু ২০১৯ চনত সুখী দেশৰ তালিকাত ১৪০নং স্থানত আছিল ভাৰত।

আনহাতে, দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ ভিতৰত বিশ্বৰ আটাইতকৈ অসুখী দেশখন হৈছে আফগানিস্তান। ১৪৬খন দেশৰ সুখৰ তালিকাৰ ভিতৰত একেবাৰে শেষৰ স্থান দখল কৰিছে আফগানিস্তানে। আনহাতে, নেপালে ৮৪নং স্থান, বাংলাদেশে ৯৪নং স্থান, পাকিস্তানে ১২১, শ্ৰীলংকাই ১২৭নং স্থান পাবলৈ সক্ষম হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + thirteen =

Back to top button