অসম

গুৱাহাটীৰ স্কুল বাছক লৈ নিৰ্দেশনা জাৰি, নিয়ম ভংগ কৰিলেই ভৰিব লাগিব জৰিমনা…

স্কুল বাছে অভাৰটেক কৰিব নোৱাৰিব অন্য বাহনক। শিক্ষাৰ্থীৰ বাবে ব্যৱহৃত সৰু বাহনৰো ৰং হ’ব লাগিব হালধীয়া। এই সকলো নিয়ম উলংঘা কৰিলেই স্কুল বাছে ভৰিব লাগিব জৰিমনা।

স্কুল বাছক লৈ বিশেষ নিৰ্দেশনা জাৰি। গুৱাহাটীৰ কেইবাখনো স্কুলৰ কৰ্তৃপক্ষৰ সৈতে আলোচনাত বহিল DTO, জিলা পৰিবহন প্ৰাধিকাৰী বিষয়া। কামৰূপ জিলা পৰিবহন বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত বিশেষ আলোচনা।

 

স্কুল বাছক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি উচ্চতম ন্যায়ালয়ৰ। উল্লেখ্য যে, মহানগৰীত আছে প্ৰায় ১২০০খন স্কুল বাছ। এই সকলো বাছৰ বাবে জাৰি কৰা হৈছে নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি সকলো স্কুল বাছতে থাকিব লাগিব CCTV। এগৰাকী মহিলা সহায়িকা থাকিব লাগিব স্কুল বাছত।

 

বাছৰ গতিবেগ প্ৰতি কিঃমিঃত ৪০ৰ ওপৰত হ’ব নোৱাৰিব। স্কুল বাছে অভাৰটেক কৰিব নোৱাৰিব অন্য বাহনক। শিক্ষাৰ্থীৰ বাবে ব্যৱহৃত সৰু বাহনৰো ৰং হ’ব লাগিব হালধীয়া। এই সকলো নিয়ম উলংঘা কৰিলেই স্কুল বাছে ভৰিব লাগিব জৰিমনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.