Covid-19আন্তঃৰাষ্ট্ৰীয়

ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্টক লৈ শংকিত বিশ্ববাসী, অধিক শক্তিশালী নতুন ভেৰিয়েন্ট-অমিক্ৰন

দক্ষিণ আফ্ৰিকা, নামিবিয়া, জিম্বাবুৱে, বটছৱানা, লেছথ' আৰু ইচৱাটিনিৰ পৰা অহা লোকসকলে ইউনাইটেড কিংদমত প্ৰৱেশ কৰিব নোৱাৰিব, যদিহে তেওঁলোক ইউনাইটেড কিংদম অথবা আইৰিছৰ বাসিন্দা নহয়।

পুনৰ ওলাইছে ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্ট। নতুন ভেৰিয়েন্টৰ আৱিস্কাৰে কঁপনি তুলিছে সমগ্ৰ বিশ্বত। বিশ্ব স্বাস্থ্য সংস্থা(WHO)ই শুকুৰবাৰে ক’ৰোনা ভাইৰাছৰ নতুন ভেৰিয়েন্টৰ কথা ঘোষণা কৰাৰ পিছতে শংকিত হৈ পৰিছে বিশ্ববাসী। এই নতুন ভেৰিয়েন্টৰ প্ৰভাৱো হৈছে অধিক শক্তিশালী।

২৪ নৱেম্বৰত দক্ষিণ আফ্ৰিকাত উদ্ভৱ হয় এই নতুন ভেৰিয়েন্টটো। দক্ষিণ আফ্ৰিকাৰ সমান্তৰালকৈ বটছৱানা, বেলজিয়াম, হংকং আৰু ইজৰাইলটো ধৰা পৰিছে এই ভেৰিয়েন্ট। বহুকেইখন দেশে ইতিমধ্যে দক্ষিণ আফ্ৰিকালৈ আৰু দক্ষিণ আফ্ৰিকাৰ পৰা আহিবলগীয়া যাত্ৰীক বাধা আৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

দক্ষিণ আফ্ৰিকা, নামিবিয়া, জিম্বাবুৱে, বটছৱানা, লেছথ’ আৰু ইচৱাটিনিৰ পৰা অহা লোকসকলে ইউনাইটেড কিংদমত প্ৰৱেশ কৰিব নোৱাৰিব, যদিহে তেওঁলোক ইউনাইটেড কিংদম অথবা আইৰিছৰ বাসিন্দা নহয়।

অমিক্ৰনৰ সংক্ৰমণ ভয়ংকৰ নেকি?

WHOৰ তথ্য অনুসৰি, এই অমিক্ৰণ ভেৰিয়েন্টৰ সংক্ৰমণৰ আশংকা অত্যাধিক। অমিক্ৰণ অধিক সোনকালে বিয়পিব পাৰে। ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকো এই ভেৰিয়েন্টৰ দ্বাৰা সংক্ৰমিত হ’ব পাৰে।

ইউৰোপৰ ২৭ খন ৰাষ্ট্ৰই ইতিমধ্যে বাতিল কৰিছে দক্ষিণ আফ্ৰিকাৰ পৰা আহিবলগীয়া বিমান। আনকি আমেৰিকা আৰু কানাডাইও দক্ষিণ আফ্ৰিকাৰ পৰা আহিবলগীয়া যাত্ৰীৰ যাত্ৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.