সাহিত্য

আহি আছে ‘টিংকল’, পুনৰ আহিব সুপন্দি, কালিয়া নামৰ কাউৰী…

৮০-৯০ দশকৰ শিশু-কিশোৰৰ বাবে পাহৰিব নোৱাৰা এটি নাম টিংকল।

আকৌ অসমীয়াত ছপা হ’ব টিংকল। আহি আছে একালৰ শৈশৱৰ লগৰী, সময়ৰ সোঁতত হেৰাই যোৱা টিংকল।

৮০-৯০ দশকৰ শিশু-কিশোৰৰ বাবে পাহৰিব নোৱাৰা এটি নাম টিংকল। শৈশৱৰ এটা অংশ খামুচি থকা টিংকল। শৈশৱতে টিংকলখন নহ’লে নাযায়, নুপুৱায় যেন লাগে সময়। টিংকলখন কিমান যে আপোন আছিল সেয়া মাথো টিংকল প্ৰেমীয়েহে বুজি পাব। এটা সময়ত সকলোৰে আৱেগ আছিল এই টিংকলখন।

আহি আছে 'টিংকল', পুনৰ আহিব সুপন্দি, কালিয়া নামৰ কাউৰী...

ৰং-বিৰঙী ফটো থকা, কাৰ্টুন সম্বলিত আলোচনীখন দেখিয়েই ভাল লগা। আহি আছে প্ৰখ্যাত কাটুৰ্নিষ্ট, অনন্ত পেইৰ সম্পাদিত অমৰ চিত্ৰ কথাৰ মাহেকীয়া আলোচনী টিংকল। এটা সময়ত টিংকলখন ইমানেই বেছি জনপ্ৰিয় হৈ পৰিছিল যে, নব্বৈ দশকত আলোচনীখন পষেকীয়া কৰিবলৈ বাধ্য হৈছিল প্ৰকাশক।

আহি আছে 'টিংকল', পুনৰ আহিব সুপন্দি, কালিয়া নামৰ কাউৰী...

অৱশ্যে, সময়ৰ সোঁতত হেৰাই গ’ল হেঁপাহৰ টিংকল, সুপন্দি, তন্ত্ৰী-মন্ত্ৰী, কালিয়া নামৰ কাউৰী, শম্ভূ চিকাৰী আৰু বহুতো। টিংকল গ’ল, আহিল ৰংমন। পিছে টিংকলৰ মৰমবোৰ যেন পাহৰিব পৰা নাই সকলোৱে। সকলোৱে বিচাৰে টিংকলখন আকৌ উভতি আহক-নতুন আশা, নতুন বতৰা লৈ।

আহি আছে 'টিংকল', পুনৰ আহিব সুপন্দি, কালিয়া নামৰ কাউৰী...

টিংকল পুনৰুজ্জীৱিত হোৱাৰ খবৰ শুনি উৎফোল্লিত হৈ পৰিছে টিংকলপ্ৰেমী। পুৰণি টিংকলখন বিচাৰি এতিয়া কিতাপৰ দোকানত ভিৰ কৰিছে ৰাইজে।

আহি আছে 'টিংকল', পুনৰ আহিব সুপন্দি, কালিয়া নামৰ কাউৰী...

ভাৰতৰ বহু কেইটা ভাষাৰ লগতে অসমীয়া ভাষাতো প্ৰকাশ পোৱা শিশু আলোচনী খনে আশী নব্বৈ দশকত শিশু আৰু কিশোৰ কিশোৰী মাজত গভীৰ ৰেখাপাত আৰু জনপ্ৰিয় হ’বলৈ সক্ষম হৈছিল। ছ’চিয়েল মিডিয়াত ইতিমধ্যে মুকলি হৈছে টিংকলপ্ৰেমীৰ নতুন গ্ৰুপ। হেঁপাহৰ টিংকলখনৰ স্মৃতি সুঁৱৰি আৱেগিক হৈ পৰিছে সকলো। সকলোৰে আশা-ঘূৰি আহক টিংকল। চৰিত্ৰ সমূহৰ লগত পুনৰ নষ্টালজিক হোৱাৰ প্ৰয়াসেৰে ফেচবুকত টিংকল প্ৰেমী নামৰ এটি গ্ৰুপৰ সৃষ্টি কৰিছিল দুগৰাকী যুৱকে।

আহি আছে 'টিংকল', পুনৰ আহিব সুপন্দি, কালিয়া নামৰ কাউৰী...

আশী দশকৰ পুৰণা টিংকলৰ মাদকতা বিচাৰি আৰু অধিকাংশ সদস্যৰ হাততে টিংকলৰ সংগ্ৰহ নথকাৰ বাবে পুৰণা টিংকলৰ কেইবাটাও সংখ্যা পুনৰ প্ৰকাশৰ বাবে সন্মত হৈছে বৰ্তমানৰ প্ৰকাশক। সেই অনুসৰি তিনি আগষ্টৰ পৰা অনলাইন যোগে আৰম্ভ হৈছে পুৰণা সংখ্যাৰ অগ্ৰিম বুকিং। এতিয়ালৈকে ৪০০০ৰো অধিক বুকিং সম্পূৰ্ণ হৈছে।

মাত্ৰ পাঁচহাজাৰ বুকিং সম্পূৰ্ণ হ’লেই আৰম্ভ হ’ব ছপাৰ কাম। কেৱল সেয়াই নহয়, আলোচনীখনৰ নতুন সংখ্যা সমূহো পুনৰ অসমীয়া ভাষাত ছপা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + twenty =

Back to top button