অপৰাধঅসম আৰক্ষী

চাকৰিৰ নামত বেপাৰ! মহানগৰীৰ হোটেলৰ পৰা গ্ৰেপ্তাৰ প্ৰৱঞ্চক

চাকৰিৰ নামত চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ পৰা প্ৰৱঞ্চকে লৈছিল ২০ হাজাৰৰ পৰা ১ লাখ টকা। চাকৰিৰ বাবে ৪০ জনতকৈ অধিক লোকে দিছিল ধন।

চাকৰিৰ নামত মুকলি বেহা। চাকৰিৰ প্ৰলোভনেৰে টকা আত্মসাৎ কৰি আৰক্ষীৰ জালত প্ৰৱঞ্চক।
অভিযোগ উঠিছে এহাল দম্পতীৰ বিৰুদ্ধেও। স্বাস্থ্য সঞ্চালকালয়ত চাকৰি দিয়াৰ প্ৰলোভন দি আটক তিনি প্ৰৱঞ্চক।

মহানগৰীৰ গড়চুকৰ হোটেল পৰশুৰামত আৰক্ষীৰ অভিযান। হোটেলখনত দীৰ্ঘদিন ধৰি চলি আহিছিল চাকৰিৰ বেহা। শুকুৰবাৰে আৰক্ষীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৩ জনক। চাকৰিৰ নামত চাকৰি প্ৰত্যাশী যুৱক-যুৱতীৰ পৰা প্ৰৱঞ্চকে লৈছিল ২০ হাজাৰৰ পৰা ১ লাখ টকা। চাকৰিৰ বাবে ৪০ জনতকৈ অধিক লোকে দিছিল ধন।

বিশেষ সূত্ৰৰ পম খেদি গড়চুক আৰক্ষীয়ে অতৰ্কিতে অভিযান চলায় হোটেল পৰশুৰামত। যুটীয়া আৰক্ষী সঞ্চালক পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত চলা এই অভিযানত গ্ৰেপ্তাৰ উত্তৰ লক্ষীমপুৰৰ ত্ৰৈলোক্য শইকীয়া নামৰ এজন লোক।

ত্ৰৈলোক্য শইকীয়াই এগৰাকী প্ৰাৰ্থীৰ পৰা সংগ্ৰহ কৰিছিল ৩ লাখ পৰ্যন্ত ধন। দীৰ্ঘদিন ধৰি স্বাস্থ্যবিভাগৰ নিযুক্তিৰ নামত ভুৱা প্ৰচাৰ চলাই আহিছিল ধৃত ত্ৰৈলোক্য নাথে। বিজ্ঞাপনৰ পাছতেই এডমিট কাৰ্ড প্ৰদান কৰিছিল প্ৰাৰ্থীক। কেৱল এয়াই নহয়, প্ৰাৰ্থীসকলৰ চাৰ্ভিছ বুক পৰ্যন্ত বনাইছিল এইজন লোকে।

চাকৰি দিয়াৰ নামত গুৱাহাটীত ১০০তকৈও অধিক প্ৰাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰি ডকোমেণ্ট ভেৰিফিকেচন সম্পন্ন কৰিছিল ত্ৰৈলোক্য নাথে। শুকুৰবাৰে, গড়চুকৰ হোটেল পৰশুৰামত আছিল ডকোমেণ্ট ভেৰিফিকেচন প্ৰক্ৰিয়া। আনকি নিজকে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়া বুলি পৰিচয় দিয়া ত্ৰৈলোক্য শইকীয়াই ব্যৱহাৰ কৰিছিল স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ লগ’ আৰু ষ্টাম্প।

শুকুৰবাৰে, ডকোমেণ্ট ভেৰিফিকেচন প্ৰক্ৰিয়া চলি থকাৰ সময়তে আৰক্ষীয়ে হাতে-লোটে ধৰা পেলায় প্ৰৱঞ্চক ত্ৰৈলোক্য শইকীয়াৰ লগতে আন দুজনক।

চাকৰি বিচাৰি হাবাথুৰি খোৱা নিবনুৱা যুৱক-যুৱতীক টকাৰ বিনিময়ত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়া প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 1 =

Back to top button