ভাৰতৰাজনৈতিক

গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, উত্তৰপ্ৰদেশলৈ যাওঁতে নেত্ৰীগৰাকীৰ কনভয়ক আদবাটতে বাধা প্ৰদান কৰিলে আৰক্ষীয়ে…

আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতেই প্ৰিয়ংকা গান্ধীয়ে কয় যে, মই ভুক্তভোগীসকলক লগ কৰিবলৈ গৈ একো অপৰাধ কৰা নাই...আপোনালোকে মোক কিয় বাধা প্ৰদান কৰিছে?

গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা। উত্তৰপ্ৰদেশৰ হৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কংগ্ৰেছৰ নেত্ৰীগৰাকীক।
দেওবাৰে উত্তৰপ্ৰদেশৰ খেড়ীৰ লখিমপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতেই পৰিস্থিতিৰ বুজ ল’বলৈ উত্তৰপ্ৰদেশত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। গন্তব্য স্থানত উপস্থিত হোৱাৰ পূৰ্বেই গ্ৰেপ্তাৰ হয় নেত্ৰীগৰাকী।

আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতেই প্ৰিয়ংকা গান্ধীয়ে কয় যে, মই ভুক্তভোগীসকলক লগ কৰিবলৈ গৈ একো অপৰাধ কৰা নাই…আপোনালোকে মোক কিয় বাধা প্ৰদান কৰিছে?

লক্ষ্ণৌ বিমানবন্দৰত দেওবাৰে বিয়লি উপস্থিত হোৱাৰ পিছত লখিমপুৰলৈ যোৱাৰ সময়তে কেইবাবাৰো আগভেটি ধৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। লক্ষ্ণৌতে প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা প্ৰদান কৰে আৰক্ষীয়ে, যাৰবাবে আদবাটতে ৰ’বলগীয়া হয় নেত্ৰীগৰাকী।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.