গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰা। উত্তৰপ্ৰদেশৰ হৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় কংগ্ৰেছৰ নেত্ৰীগৰাকীক।
দেওবাৰে উত্তৰপ্ৰদেশৰ খেড়ীৰ লখিমপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতেই পৰিস্থিতিৰ বুজ ল’বলৈ উত্তৰপ্ৰদেশত উপস্থিত হয় কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। গন্তব্য স্থানত উপস্থিত হোৱাৰ পূৰ্বেই গ্ৰেপ্তাৰ হয় নেত্ৰীগৰাকী।
আৰক্ষীয়ে বাধা প্ৰদান কৰাৰ পিছতেই প্ৰিয়ংকা গান্ধীয়ে কয় যে, মই ভুক্তভোগীসকলক লগ কৰিবলৈ গৈ একো অপৰাধ কৰা নাই…আপোনালোকে মোক কিয় বাধা প্ৰদান কৰিছে?
'मैं उन लोगों से Important नही हूँ, जिनको तुम लोगों ने गाड़ी के नीचे कुचलकर मारा है'~ @priyankagandhi#लखीमपुर_किसान_नरसंहार pic.twitter.com/Q3BEC8ZpyR
— Srinivas BV (@srinivasiyc) October 4, 2021
লক্ষ্ণৌ বিমানবন্দৰত দেওবাৰে বিয়লি উপস্থিত হোৱাৰ পিছত লখিমপুৰলৈ যোৱাৰ সময়তে কেইবাবাৰো আগভেটি ধৰে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। লক্ষ্ণৌতে প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা প্ৰদান কৰে আৰক্ষীয়ে, যাৰবাবে আদবাটতে ৰ’বলগীয়া হয় নেত্ৰীগৰাকী।