অপৰাধঅসমআঞ্চলিকদৈনিক বাতৰি

চাঞ্চল্যকৰ হত্যাকাণ্ডঃ পিতৃৰ শ্ৰাদ্ধৰ দিনাই ওলাল পুত্ৰৰ মৃতদেহ

মঙলবাৰে নিশা পিতৃৰ বছেৰেকীয়া সকামৰ কাৰণে অনিল নাথ অৰুণাচলৰ পৰা ঘৰলৈ অহিছিল। কিন্তু ঘৰ আহি নাপালে অনিল।

নাওবৈচাত চাঞ্চল্যকৰ হত্যাকাণ্ড। পিতৃৰ শ্ৰাদ্ধৰ দিনাই ওলাল পুত্ৰৰ মৃতদেহ

লখিমপুৰৰ নাওবৈচাৰ পেৰাভাৰী গাঁৱৰ কনেকেশ্বৰ দত্ত পথৰ কাষত উদ্ধাৰ হৈছে মৃতদেহ। মৃতদেহটো নাওবৈচাৰ পেৰাভাৰী গেন্ধালী গাঁৱৰ অনিল নাথ(৪৫)বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পাছতে নাওবৈচা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰোণত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

কৰ্মসুত্ৰে মৃত অনিল নাথ অৰুণাচল প্ৰদেশত থাকে বুলি জানিব পৰা গৈছে। সোমবাৰে ঘৰলৈ আহিছিল। মঙলবাৰে নিশা পিতৃৰ বছেৰেকীয়া সকামৰ কাৰণে অনিল নাথ অৰুণাচলৰ পৰা ঘৰলৈ অহিছিল। কিন্তু ঘৰ আহি নাপালে অনিল।

মুখত আঘাতৰ চিন থকাত কোনো দুৰ্বৃত্তই অনিল নাথক হত্যা কৰি পথৰ দাঁতিত পেলাই যোৱা সন্দেহ পৰিয়াল তথা স্থানীয় লোকৰ। আৰক্ষীক উচিত তদন্তৰ জৰিয়তে হত্যাকাণ্ড সংঘটিত কৰা দুৰ্বৃত্তক চিনাক্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনাইছে পৰিয়ালৰ লোকে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − eight =

Back to top button