অসম

দপদকৈ জ্বলি গ’ল হেঁপাহৰ ঘৰখনঃসত্ৰনগৰী মাজুলীত অগ্নিকাণ্ড

মাজনিশা দপদপকৈ জ্বলি গ'ল দুখন ঘৰ

সত্ৰ নগৰী মাজুলীত মাজনিশা দপদপকৈ জ্বলি গ’ল দুখন ঘৰ। মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত জেংৰাই চাপৰি গাঁৱত নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল দুটাকৈ ঘৰ।

এই ঘটনা সংঘটিত হৈছে জেংৰাইমুখ আৰক্ষী থানাৰ জেংৰাই চাপৰিৰ নিবাসী আবং পাতিৰৰ বাসগৃহত। নিশা শুই থকা অৱস্থাত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় আবং পাতিৰৰ বাসগৃহত। জুইৰ শিখা দেখি ওচৰ-চুবুৰীয়াই চিঞৰ-বাখৰ কৰাতহে ঘৰৰ ভিতৰ পৰা ওলাই আহে গৃহস্থ।

গাঁৱৰ ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল যদিও জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰে বাসগৃহ দুটা। এই অগ্নিকাণ্ডৰ ফলত লোকচান হয় বহু টকাৰ সা-সম্পত্তিৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.