Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীভাৰতৰাজনৈতিক

মাজবাট আৰক্ষীৰ বৃহৎ সফলতা , আৰক্ষীয়ে জব্দ কৰে ৪০৭ কেজি ভাং……

মাজবাট আৰক্ষীৰ বৃহৎ সফলতা

আৰক্ষীয়ে জব্দ কৰে ৪০৭ কেজি ভাং

জব্দকৃত ভাঙৰ বজাৰ মুল্য ৪০লাখ ৭০হেজাৰ টকা

পলায়ন কৰিবলৈ সক্ষম সৰবৰাহকাৰী

দেওবাৰে সন্ধিয়া পুণৰ  মাজবাট আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জানিব পৰামতে ৰৌতাৰ আৰক্ষী চক্র পৰিদৰ্শক জিতেন্দ্র সিং, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ডুবে,লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱা আৰু পঞ্চম অসম কমান্ডো বেটেলিয়নৰ লগত যোৱা এক বৃহৎ আৰক্ষীৰ দলে অসম – অৰুণাচল সীমান্তৰ ৰৌতা নদীৰ কাষৰ নিজৰা চেন্টাৰ নিজৰা জংগলৰ নিকটৱৰ্তী ঘন হাবিৰ মাজেৰে পাহাৰৰ পৰা ভাং সৰবৰাহ কৰি থকা অৱস্থাত ৪০৭ কেজি  ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। সৰবৰাহকাৰীৰ দলটোৱে উক্ত অঞ্চলত আৰক্ষী প্ৰৱেশ কৰাৰ উমান পায় ভাং সমূহ এৰি নিশাৰ আন্ধাৰৰ সুযোগ লৈ ঘন অৰণ্যৰ মাজলৈ পলাই যায়। পিছত আৰক্ষীয়ে জব্দ কৰা বৃহৎ পৰিমাণৰ ভাংখিনি মাজবাট আৰক্ষী থানালৈ লৈ আহে। ইতিমধ্যে মাজবাট আৰক্ষীয়ে ৮৭/২৩ নম্বৰত কেচ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.